সাম্প্ৰদায়িক ভাষণেৰে আজমলৰ উচতনি

নিউজ ডেস্কঃ সাম্প্ৰদায়িক মন্তব্য কৰি বিতৰ্কত সোমাই পৰা সাংসদ বদৰুদ্দিন আজমল নিজৰ স্থিতিত অটল | সাংসদগৰাকীয়ে পুনৰ ক’লে

‘বিজেপি-RSSৰ হাতত তালিকা আছে কিমান মছজিদ ভাঙিব |সমগ্ৰ পৃথিৱীয়ে জানে এই কথা | সেই তালিকাৰ ভিতৰত বাবৰি মছজিদো ভঙা হ’ল | ইমাম সকলৰ ওপৰত অত্যাচাৰ চলিছে দেশত | বিজেপিয়ে মছজিদ ভাঙিলে দোষ নহয় , তাৰ বিৰুদ্ধে ক’লেহে ভুল হয় | সেইখিনি অসমতো হ’ব পাৰে বুলিহে কৈছিলো |’

বিতৰ্কৰ পিছতে মূখ খুলি সাংসদগৰাকীয়ে আৰু কয়, ‘বিজেপি পুনৰ ক্ষমতালৈ আহিলে মুছলমান লৰা-ছোৱালীয়ে স্কুল-কলেজত নাম ভৰ্তি কৰিব নোৱাৰিব Iচতুৰ্থ বৰ্গৰ চাকৰিও নাপাব মুছলমান লৰা-ছোৱালীয়ে I সংখ্যালঘুক NRCত নামভৰ্তি কৰিবলৈ নিদিব বিজেপিয়ে’ I

ইয়াৰ পূৰ্বে ধুবুৰী জিলাৰ গৌৰীপুৰত সাংসদ বদৰুদ্দিন আজমলে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা সন্দৰ্ভত শাসক-বিৰোধীৰ লগতে মহাজোঁটৰ সতীৰ্থইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে |

মৌলানা বদৰুদ্দিন আজমলে কৈছিল ২০২১ত অসমত বিজেপি পুনৰ শাসনলৈ আহিলে ইছলামধৰ্মী মহিলাই বোৰ্খা পিন্ধিব নোৱাৰিব, মুছলমান পুৰুষে ৰাখিব নোৱাৰিব দাঢ়ি, পিন্ধিব নোৱাৰিব টুপী। বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে মছজিদত আজান দিবও নোৱাৰিব বুলি কৈ ৰাইজক প্ৰৰোচিত কৰে আজমলে।

ৰাজহুৱা সভাত দিয়া বদৰুদ্দিন আজমলৰ এই মন্তব্যক লৈ মহাজোঁটৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | মহাজোঁটৰ নেতা সকলে বিষয়টোৰ পৰা নিজকে আতৰাই ৰাখিছে | প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, আজমলৰ মন্তব্যৰ সৈতে তেওলোকৰ কোনো সম্পৰ্ক নাই I মহাজোঁটৰ সদস্য দলৰ নেতা হিচাবে তেও কি পৰিস্থিতিত এই কথা কৈছে সেই কথা তেওক সুধিব I

মহাজোঁটৰ অন্যতম সহযোগী আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত কুমাৰ ভূঞাৰ মন্তব্য “মিত্ৰজোঁটত থাকিলে আজমলৰ সাম্প্ৰদায়িক মন্তব্য সহ্য কৰা নহ’ব”| কি পৰিবেশত আজমলে এই বক্তব্য ৰাখিছে সেই বিষয়বোৰো চাব লাগিব I মিত্ৰতাত থাকিলে এনে মন্তব্য দিয়াৰ ক্ষেত্ৰত বাধা দিব বুলি মন্তব্য অজিত ভূঞাৰ I

আজমলে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে কয়, “বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটাই সাম্প্ৰদায়িক দল৷ সাম্প্ৰদায়িক দুয়োটা দলৰ মাজত আছে গোপন বুজাবুজি৷ দুয়োটা দলৰে লক্ষ্য ধৰ্মীয় মেৰুকৰণ৷ কেবল ভোটৰ বাবে বিজেপি আৰু এ আই ইউ ডি এফ দলে অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আহিছে৷ আগন্তুক দিনত অসমখনক জাতি–জনগোষ্ঠীৰ সমন্বয়েৰে জীয়াই ৰখাৰ চেষ্টা অসম জাতীয় পৰিষদে কৰিব ৷”

সাংসদ বদৰুদ্দিন আজমল জনপ্ৰতিনিধি হৈও পুনৰ সাম্প্ৰদায়িক বিষবাস্প সিঁচিবলৈ কৰা চেষ্টা চলোৱাক লৈ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত দলৰ ফালৰ পৰা নেতা মন্তব্যক লৈ চাফাই দিলে আমিনুল ইছলামে | তেওৰ মতে আজমলে বৰ্তমানৰ বিজেপি চৰকাৰে ত্ৰিপল তালাক, মাদ্ৰাছা বন্ধ কৰা আদি যিবোৰ কাম কৰিছে তাৰ পটভূমিতে এই কথা কৈছিল I

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply