গুৱাহাটী– কৃষক নেতা অখিল গগৈৰ জামিন নাকচ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দুজন সন্মানীয় ন্যায়াধীশে প্রদান কৰা ৰায়ত ভীষণভাৱে অসন্তুষ্ট সদ্যগঠিত ৰাজনৈতিক দল “ৰাইজৰ দল”। অখিল গগৈৰ জামিন নাকচ কৰি সন্মানীয় ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু অজিত বৰঠাকুৰে দিয়া ৰায়ক ত্রুটিপূর্ণ, বিলম্বিত আৰু পক্ষপাতদুষ্ট ৰায় বুলি ঘােষণা কৰি দলটোৱে এই ৰায়ে অসমবাসীক অসন্তুষ্ট আৰু হতাশ কৰিছে বুলি সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত উল্লেখ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজন সন্মানীয় ন্যায়াধীশে দিয়া ৰায়ে সদ্য গঠিত আঞ্চলিক দলটোৰ সদস্যসকলকে নহয়, অসমৰ সকলাে গণতান্ত্রিক ব্যক্তিকে দুখ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গােচৰ নং Crl.A./186/ 2020 গােচৰটো হ’ল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(নিয়া)-ৰ দ্বাৰা তৰা গােচৰ নং আৰচি১৩/২০১৯/এনআইএ-জিইউডব্লিউ গােচৰটো। এই গােচৰটো ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি, ১২৪ এ, ১৫৩ বি আৰু বেআইনী কার্যকলাপ (প্রতিবােধ) আইন (ইউএপিএ)ৰ ধাৰা ১৮ আৰু ৩৯ ৰ অন্তৰ্গত পঞ্জীয়ন কৰা হৈছিল। এই গােচৰটোত গুৱাহাটীৰ ‘নিয়াকর্টে অখিল গগৈ সহচাৰি মূল অভিযুক্তক ২০২০ চনৰ ১৭ মার্চ তাৰিখে ‘ডিফল্ট জামিন প্রদান কৰিছিল। কিন্তু সেই জামিন স্থগিতাদেশ বিচাৰি নিয়া’ই গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ দ্বাৰস্থ হৈছিল।

সংবাদমেলত “ৰাইজৰ দল”য়ে কয় যে ,”ন্যায়ালয়ৰ প্ৰতি থকা সন্মানৰ বাবেই তেওঁলােকে দীঘলীয়াকৈ ৰায়টোৰ ত্রুটিসমূহ ৰাজহুৱাকৈ ব্যাখ্যা কৰিব খােজা নাই। বিচাৰপীঠখনক অস্বস্তিত পেলাব খােজা নাই। কিন্তু ব্যক্তি স্বাধীনতা জড়িত থকা গােচৰ এটাত যিমানদূৰ গভীৰ ব্যাখ্যা আশা কৰা গৈছিল, গােচৰৰ ৰায়টোত সেইবােৰ একেবাৰে বিৰল।

গােচৰটোত মূলতঃ দুটা অভিযােগ উত্থাপন হৈছে। এটা হৈছে অখিল গগৈয়ে ২০০৯ চনত কেইজনমান যুৱক-যুৱতীক উৰিষ্যাৰ মাওবাদী কেম্পলৈ প্ৰেৰণ কৰিছিল। দ্বিতীয়টো, ২০১৯ চনৰ ডিচেম্বৰ মাহৰ ‘কা’ বিৰােধী। আন্দোলনত কৃষক মুক্তি সংগ্রাম সমিতিয়ে অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সােনােৱাল আৰু মানস কোঁৱৰৰ নেতৃত্বত সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰােধ আৰু অসম বন্ধৰে চৰকাৰী কাম-কাজ স্তব্ধ কৰি, অর্থনৈতিক অৱৰােধ কৰি, ৰাজহুৱা সম্পত্তি ধ্বংস কৰি আৰু চৰকাৰী বিষয়াক আক্রমণ কৰি দেশৰ অখণ্ডতা আৰু সংহতি ধ্বংস কৰিছে।

অখিল গগৈয়ে কেইবাজনাে যুৱক-যুৱতীক উৰিষ্যাৰ মাওবাদী শিবিৰলৈ পঠিওৱা কথাটো কৈছে দুজন নাম পৰিচয় গােপনে ৰখা ৰাজ সাক্ষীয়ে (প্রট্রেকটেড উইটনে)। প্রথমজনে দিল্লীৰ আদালতত (হিন্দী ভাষাত) কৈছে যে তেওঁক অখিল গগৈয়ে মাওবাদী শিবিৰলৈ পঠিয়াইছিল, কিন্তু শিবিৰৰ পৰা ঘূৰি আহি অখিল গগৈক সাক্ষাৎ কৰাত গগৈয়ে কয় যে অসমত মাওবাদী পদ্ধতিৰে কাম নহ’ব। দ্বিতীয়জন ৰাজসাক্ষীয়ে কৈছে যে তেওঁ অখিল গগৈয়ে পঠিওৱা সদস্যসকলক কলিকতালৈ আগবঢ়াই দিছিল, অখিল গগৈক মাওবাদীৰ হাতৰ পৰা আনি দুবাৰ নে তিনিবাৰ টকাও দিছিল, অর্থাৎ, তেওঁ মধ্যস্থতাকাৰী আছিল। এতিয়া কথাহল, অখিল গগৈয়ে কেইবাজনাে যুৱক-যুৱতীক মাওবাদী শিবিৰলৈ প্ৰেৰণ কৰিছিল, কিন্তু তেওঁ নিজে সেই কামত যুক্ত হােৱা নাছিল। যি দুজনে মাওবাদীৰ প্রশিক্ষণ শিবিৰলৈ গৈছিল বা মধ্যস্থতা কৰিছিল, অর্থাৎ, প্ৰকৃতাৰ্থত বিদ্রোহাত্মক কামত যুক্ত হৈছিল তেওঁলােক অপৰাধী নহয়, তেওঁলােকৰ বিৰুদ্ধে কোনাে গােচৰনাইবা তেওঁলােকক অভিযুক্ত কৰা হােৱা নাই, অভিযুক্ত কৰা হৈছে শিবিৰলৈ পঠিওৱা বুলি অভিযােগ তােলা অখিল গগৈকহে।

এই দুয়ােজন চৰকাৰী গুপ্তসাক্ষী, প্রাপ্তবয়স্ক ব্যক্তিয়ে “মই মাওবাদী শিবিৰলৈ গৈছিলাে” বুলি কোৱা বাবে অপৰাধী হােৱা নাই, “মই মাওবাদী শিবিৰলৈ মানুহ লৈ গৈছিলাে”, “মাওবাদীৰ টকা আনি অভিযুক্তক দিছিলাে” বুলি কোৱা কোনােৱে অভিযুক্তও নহয়, অপৰাধীও নহয়; অপৰাধী কেৱল অখিল গগৈহে, তেওঁ বােলে মাওবাদী শিবিৰলৈ মানুহ পঠিয়াইছিল। অর্থাৎ, “উচতনি দিয়া জনক” অপৰাধী সজাই, “অপৰাধ কৰাজনক” নিৰপৰাধী সজোৱা হৈছে। আটাইতকৈ ডাঙৰ সাঁথৰটো হ’ল, দুয়ােজন গুপ্ত ৰাজসাক্ষী যেতিয়া “মাওবাদী শিবিৰলৈ গৈছিল” তেতিয়া । চিপিআই(মাওবাদী) দল ভাৰত চৰকাৰৰ নিষিদ্ধ সংগঠনেই নাছিল, ২০০৯ চনৰ ২৬ জুনতহে এই সশস্ত্র সংগঠনটোক নিষিদ্ধ ঘােষণা কৰা হৈছিল। আটাইতকৈ ডাঙৰ কথা, এই গুপ্ত সাক্ষী দুজনৰ বক্তব্যৰ বাহিৰে।

অখিল গগৈৰ বিৰুদ্ধে মাওবাদীৰ লগত প্রত্যক্ষ বা পৰােক্ষভাৱে যােগাযােগ থকাৰ সামান্যতম তথ্য প্রমাণে ‘নিয়াৰ চার্জশিটত নাই।

আনহাতে ৭ জানুৱাৰীৰ জামিন নাকচৰ ৰায়টোৰ ১৭ নং পেৰাগ্রাফত ‘নিয়া’ৰ চার্জশিটত উল্লেখ থকা অভিযােগসমূহ সংক্ষিপ্তৰূপত উল্লেখ কৰা হৈছে। ইয়াৰ প্ৰথম দুটা “সন্ত্রাসবাদী কার্যকলাপ” অর্থাৎ, মাওবাদী বিষয়ৰ আৰু আন পাঁচটা অখিল গগৈৰ কা” আন্দোলনৰ ভাষণ আৰু টেলিফোনিক বার্তালাপ। দ্বাৰা সংগ্ৰহ কৰা ৰাজ্যখনত ব্যাপক ৰূপত অৱৰােধ কৰা সম্পৰ্কীয়। অর্থাৎ, ৭ টা অভিযােগৰ ৫ টাই হল নাগৰিকত্ব সংশােধনী আইন, ২০১৯ ৰ বিৰুদ্ধে “নেছ” আৰু “আছুৱে দিয়া বন্ধ সফল কৰাত অখিল গগৈৰ “উচতনি”। উল্লেখযােগ্য যে ২০১৯ চনৰ ১০ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অখিল গগৈৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত ১৩ খন এজাহাৰ দাখিল কৰা হৈছিল (ক’ৰবাত নাম আছিল, ক’ৰবাত নাছিল) আৰু ইয়াৰে ২ খন “নিয়া”ক দিয়া হৈছিল। এই তেৰখন এজাহাৰৰ ১২ খনতেই অখিল গগৈয়ে ইতিমধ্যে জামিন লাভ কৰিছে। একেই ইউএ(পি)এৰ অধীনৰ পুলিচৰ এটা গােচৰত আনকি বর্তমানৰ গােচৰটোৰ এজন সন্মানীয় ন্যায়াধীশ কল্যাণ ৰায় চুবানাইও জামিন প্রদান কৰিছিল।

ৰাইজৰ দলৰ সংবাদ মেল

সংবাদমেলত ৰাইজৰ দল”এ কয় যে স্বৈতন্ত্র তথা ফেচিবাদৰ যুগত দুর্ভাগ্যজনকভাৱে কাৰ্যপালিকাই ন্যায়পালিকাক হস্তক্ষেপ কৰে। বেছ কিছুদিন ধৰি ভাৰতীয় ন্যায় ব্যৱস্থাত দেখা কিছুমান পক্ষপাতিত্বমূলক ৰায়ে ন্যায়ালয়ৰ স্বতন্ত্রতাক জনগণৰ সন্মুখত ধুৱলী-কুঁৱলী কৰি পেলাইছে। এয়া দেশ, জাতি আৰু জনগণৰ বাবে বেয়া খবৰ। সংবাদমেলত কয় যে ৰাইজৰ দল”এ অচিৰেই অখিল গগৈৰ জামিনৰ বাবে উচ্চতম ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাব আৰু আশা কৰিম উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰৰ পক্ষত। ৰায় দি অখিল গগৈক অনতিবিলম্বে জামিন প্রদান কৰিব।

আনহাতে সংবাদমেলত “ৰাইজৰ দল”এ অসম চৰকাৰ তথা ভাৰত চৰকাৰক প্ৰত্যাহ্বান জনায় কয় যে যুদ্ধৰ মূল সেনাপতিক অবৈধভাৱে বন্দী কৰি ৰাখি কোনাে যােদ্ধাই ন্যায় যুদ্ধ নকৰে। গতিকে বিজেপি দলে চলে-বলে কৌশলে অখিল গগৈক বন্দী কৰি নাৰাখি মুকলি আকাশৰ তলিলৈ ওলাবলৈ দি ২০২১ চনৰ বিধানসভা নির্বাচনৰ সন্মুখীন হওক। এয়া ৰাইজৰ দলৰ প্ৰত্যাহ্বান।।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply