গুৱাহাটী – অখিল গগৈৰ মুক্তিৰ দাবীত সমদল উলিয়াবলৈ আহি আটক অখিল গগৈৰ সমৰ্থক। অখিল গগৈৰ মুক্তিৰ দাবীত “দিছপুৰ চালো’, জেল ভ’ৰো” কাৰ্যসূচী ৰূপায়ন কৰিবলৈ অহা অখিল গগৈৰ ১৭ জনকৈ সমৰ্থকক আৰক্ষীয়ে আটক কৰিলে। গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰা লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ সমদল উলিয়াই অখিল গগৈৰ মুক্তিৰ দাবীৰ বাবে আহিছিল অখিল গগৈৰ সমৰ্থক সকল।

শনিবাৰে পুৱাৰ ভাগত দিছপুৰ আৰক্ষীৰ হাতত আটক হ’ল অখিল গগৈৰ ১৭ জনকৈ সমৰ্থক। কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শনিবাৰে অখিল গগৈৰ সমৰ্থক সকলে গণেশগুৰিৰ পৰা কেন্দ্ৰীয় কাৰাগাৰলৈ এক প্ৰতিবাদী সমদল উলিয়াবলৈ আহি আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয়। সমদল উলিওৱাৰ অনুমতি নথকাৰ বাবে আৰক্ষীয়ে অখিল গগৈৰ সমৰ্থক সকলক আটক কৰা বুলি জানিবলৈ দিয়ে।

অখিল গগৈৰ সমৰ্থক সকলে প্ৰতিবাদী সমদল উলিওৱাৰ পূৰ্বেই গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হয়। “দিছপুৰ চালো’, জেল ভ’ৰো” কাৰ্যসূচী ৰূপায়ন কৰিবলৈ অহা অখিল গগৈৰ সমৰ্থক সকলক আৰক্ষীয়ে আটক কৰি লৈ যায়। অখিল গগৈৰ সমৰ্থক সকলক আৰক্ষীয়ে আটক কৰাৰ লগতে অখিল গগৈৰ সমৰ্থক সকলে অখিল গগৈ জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

আৰক্ষীয়ে আটক কৰা অখিল গগৈৰ সমৰ্থক সকলে কয় যে আমি কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ উদ্দেশ্যে সমবেত হৈছোঁ। আৰক্ষীয়ে গণতান্ত্ৰিক প্ৰতিবাদক ভৰিৰে মোহাৰি হিটলাৰী শাসনৰ যোগেদি আমাক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে একত্ৰিত হ’ব নিদিলে। অখিল গগৈৰ সমৰ্থক সকলে ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি অখিল গগৈক মুক্তি দিবই লাগিব বুলি দাবী জনায়।

আৰক্ষীয়ে আটক কৰা ১৭ জনকৈ অখিল গগৈৰ সমৰ্থক সকলৰ মাজত আছে ৰাইজৰ দলৰ আহ্বায়াক মনোজ গগৈ। আৰক্ষীয়ে নগাঁও জিলাৰ পৰা অহা অখিল গগৈৰ তিনিজন সমৰ্থককো আটক কৰে। অখিল গগৈৰ সমৰ্থক সকলৰ প্ৰতিবাদ ৰোধ কৰিবলৈ গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত সষ্টম হৈ আছে আৰক্ষীৰ লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply