ৰঙিয়া : ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ৰঙিয়া আৰক্ষীৰ অভিযান। পুনৰ ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। শুকুৰবাৰেও ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই দহ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি অসম আৰক্ষীয়ে উজনিৰ পৰা নামনিলৈকে তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীক।

ৰঙিয়া আৰক্ষীও বিগত সময়ছোৱাত ড্ৰাগছ বিৰোধী অভিযান চলাই সাফল্য লাভ কৰি আছে। ৰঙিয়া আৰক্ষীৰ ধাৰাবাহিক অভিযানত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে। ৰঙিয়া আৰক্ষীয়ে পুনৰ এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলায় ৰঙিয়াৰ শিমলুৱাত।

লগতে পঢ়ক : ধুবুৰীত ৫০ ঊৰ্ধ্বৰ শিক্ষকৰ কামনাৰ বলি হ’ল ১০ বছৰীয়া শিশু

আৰক্ষীয়ে শিমলুৱাত অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত কমলপুৰৰ বৰংগাবাৰীৰ মিৰাকুল হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰে। মিৰাকুল হুছেইনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছসহ কন্টেইনাৰৰ টোপোলা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply