দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ সৰবৰাহ। আৰক্ষী আৰু বিএছএফে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই প্ৰতিদিনে জব্দ কৰি আছে গৰু। আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই গৰু জব্দ কৰে যদিও বিভিন্ন সময়ত গৰুৰ এই অবৈধ বেহাৰ লগত আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা যায়।

আৰক্ষীৰ বিৰুদ্ধে থকা এই অভিযোগ ভিত্তিহীন নহয় ইয়াৰ প্ৰমাণ কিছুদিন পূৰ্বে পোৱা গৈছিল। দক্ষিণ শালমাৰাত এজন প্ৰাক্তন গৃহৰক্ষী জোৱান গ্ৰেপ্তাৰ হৈছিল গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত। প্ৰাক্তন গৃহৰক্ষী জোৱান মইনুল আলীৰ গ্ৰেপ্তাৰৰ পিছত গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ নায়ক।

গৰু সৰবৰাহকাৰীৰ পৰা ধন লোৱাৰ অভিযোগত দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ নায়ক কেৰামত আলীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাইজ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে কেৰামত আলীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালক। গৰু সৰবৰাহকাৰীৰ পৰা কেৰামত আলীয়ে ধন লৈ থকা এটা ভিডিঅ’ আনিছুৰ ৰহমানে অভিযোগৰ লগত দাখিল কৰিছিল।

লগতে পঢ়ক : বকোৰ লামপাৰাৰ কেকোপাৰাত কুঁৱাৰ ভিতৰৰ উদ্ধাৰ শিশুৰ মৃতদেহ

ইয়াৰ পিছতে জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে তদন্ত আৰম্ভ কৰি কেৰামত আলীক জেৰা চলায়। জেৰাত কেৰামত আলীয়ে গৰু সৰবৰাহকাৰীৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ কৰাত আৰক্ষীয়ে কেৰামত আলীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জিলাখত গৰু সৰবৰাহৰ লগত আৰক্ষীৰ কেইবাজনো লোক জড়িত থকাৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply