নিউজ ডেস্কঃ দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

অভিনেতাজনে বুধবাৰে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়াৰ লগতে তেওঁ ঘৰতেই কোৱাৰেণ্টাইন হৈ থকাৰ কথা শুভাকাংক্ষীসকলক অৱগত কৰে।

তেওঁ কয়, ‘মই কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছো। মই নিজকে আইচ’লেচনত ৰাখিছো। শেহতীয়াকৈ যিসকল মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে যাতে কভিড টেষ্ট কৰে। সকলো নিয়ম পালন কৰি আছো। মই বৰ্তমান ভালে আছো মই মোৰ শুভাকাংক্ষী আৰু অনুৰাগীসকলক মোৰ বিষয়ে চিন্তা নকৰিবলৈ অনুৰোধ জনাইছো।’

আনহাতে এই মহামাৰীৰ সময়ত সকলোকে সুৰক্ষিতভাৱে ঘৰত থাকিবলৈ অনুৰোধ জনাই অভিনেতাজনে।

জনপ্ৰিয় অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰি ছচিয়েল মিডিয়াত বহুতে প’ষ্ট কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply