নাজিৰাঃ বিশ্ব ঐতিহ্যত স্থান লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ ৷ এই কাজিৰঙা তথা তাৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষা দিয়াটো একো একোখন সমাজৰ প্ৰতিনিধি হিচাপে সকলোৰে কাম্য ৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল প্ৰকৃততে কাজিৰঙাখন সুৰক্ষিত হয়নে ? তাত থকা বন্যপ্ৰাণীসমূহ আজি সংকটৰ গৰাহত৷

চোৰাংচিকাৰীৰ কবলত পৰি খৰ্গ কাটি গঁড় হত্যা কৰাৰ বাতৰিয়ে আজিও বাতৰিৰ শিৰোনাম দখল কৰি আছে ৷

দিন ৰাতি কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মীসকলৰ যি ত্যাগ সেইয়া কেতিয়াও নুই কৰিব নোৱাৰি ৷ গতিকে, বন্যপ্ৰাণী সমূহক সুৰক্ষা দিয়া বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মীসকলৰ ত্যাগক জনসাধাৰণৰ ওচৰত তুলি ধৰাৰ প্ৰয়াসেৰে তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে  এক পৰিকল্পনা হাতত লৈ নিৰ্মাণ কৰা হৈছে এই পূৰ্ণদৈৰ্ঘ্য়ৰ কথাছবিখন ৷

লগতে পঢ়কঃৰাজ্যিক ফেন্সিং প্ৰতিযোগিতাত গুৱাহাটী শ্ৰেষ্ঠ

কাজিৰঙাৰ সুৰক্ষাৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এই কথাছবিখনৰ প্ৰ’ম’ শিৱসাগৰ জিলাৰ শিমলুগুৰি আছুৰ কাৰ্যালয় ছহিদ ভৱন প্ৰেক্ষাগৃহত মুকলি কৰা হয় ৷ এই চিনেমাখনত অভিনয় কৰিছে কেইবাগৰাকীয়ে নবীন -প্ৰবীন অভিনেতা -অভিনেত্ৰীয়ে ৷ পৰিচালনা কৰিছে ৰমেন গগৈয়ে ৷ সংগীত দেৱজিৎ বহ্ম, প্ৰযোজনা ৰমেন গগৈ আনহাতে কেমেৰা আৰু সম্পাদনা নাচিৰুল হুছেইনৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply