উপ নিৰ্বাচন

নিউজ ডেস্ক: অসম বিধানসভা পাঁচটা সমষ্টিত হোৱা ভোটগ্ৰহন ৫ বজাৰ লগে লগেই সামৰনি পৰিছে । পুৱাই হেভীৱেইট প্ৰাৰ্থীসকলে ভোটদান কৰে । নিৰ্বাচনী প্ৰচাৰৰ দৰে আজি ভোটৰ দিনটোতো প্ৰাৰ্থীসকলক পোহাৰি-চুপতি মৰা দেখা গ’ল । কিমান শতাংশ ভোটদান হ’ল এতিয়াও প্ৰকাশ হোৱা নাই যদিও মূল নিৰ্বাচনত কৈ ভোটাৰৰ আগ্ৰহ কম দেখা যায় । পাঁচ বজাৰ লগেলগেই EVMত বন্দী হ’ল ৩১ প্ৰাৰ্থীৰ ভাগ্য। গোসাঁইগাঁও, ভৱানীপুৰৰ ৮জনকৈ, তামুলপুৰৰ ৬, থাওৰাৰ ৫, মৰিয়নিৰ ৪ প্ৰাৰ্থীৰ ভাগ্য EVMত বন্দী কৰিলে ৰাইজে।
বিয়লী পাঁচ বজালৈকে ৬৯.৬০ শতাংশ ভোটদান হৈছে ।
ভৱানীপুৰত ৭৪%, গোসাঁইগাঁও সমষ্টিত ৭৬.৭১%
তামুলপুৰত ৬২%, মৰিয়নিত ৬১.৬২%, থাওৰাত ৭৫.০৭% ভোটদান হয়।

এই নিৰ্বাচনত বিভিন্ন দলৰ মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ ৭,৯৬,৪৫৬ জন ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিলেযফলাফল ২ নবেম্বৰত ।

মৰিয়নিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবেই সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগা হ’ল। ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মৰিয়নিৰ পৰা চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।

উপ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ আৰু সঞ্জীৱ গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। থাওৰা সমষ্টিতো বিধায়ক সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাত উপ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। সুশান্ত বৰগোঁহাইয়ে পূৰ্বে ২০১১ আৰু ২০২১ত দুবাৰকৈ কংগ্ৰেছৰ পৰা সমষ্টিটোৰ বিধায়ক নিৰ্বাচিত হৈছিল।

থাওৰাত বিজেপিৰ সুশান্ত বৰগোঁহাইৰ উপৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, চিপিআইৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় হিচাপে ধৈৰ্য কোঁৱৰ আৰু লোহিত গোৱালাই। তামুলপুৰ সমষ্টিৰ ইউপিপিএল দলৰ বিধায়ক লেহো ৰাম বড়োৰ কোভিড আক্ৰান্ত হৈ আকস্মিক মৃত্যু হোৱাৰ পাছত সমষ্টিতটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে।

লগতে পঢ়ক-উচ্চতম ন্যায়ালয় কঠোৰ হোৱা সময়ত চৰকাৰ কিমান সক্ৰিয় দেৱালীৰ ফটকাক লৈ

সমষ্টিটোত বিজেপি সমৰ্থিত ইউপিপিএলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ ভাস্কৰ দাহাল, গণ সুৰক্ষা পাৰ্টিৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভিপিআইৰ ৰাজ কুমাৰ বড়োৰ উপৰি গনেশ কছাৰী আৰু যোশৱান্ত চৌহানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। গোসাইগাওঁ সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ কোভিডত মৃত্যু হোৱাত সমষ্টিতটোত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। নাৰ্জাৰীয়ে সমষ্টিটোৰ পৰা বিপিএফৰ হৈ চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।

গোঁসাইগাঁওত বিপিএফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, ইউপিপিএলৰ জিৰন বসুমতাৰী, কংগ্ৰেছৰ জুৱেল টুডু, এআইইউডিএফৰ খাইৰুল আনম খণ্ডকাৰৰ উপৰি উত্তম কুমাৰ তালুকদাৰ, কমল ৰায়, ওচমান গনি এছ কে আৰু আব্দুল হাছেম আকণ্ডে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। ভৱানীপুৰত বিধায়ক ফনীধৰ তালুকদাৰে এআইইউডিএফৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।

ভৱানীপুৰত এই উপ নিৰ্বাচনত বিজেপিৰ ফনীধৰ তালুকদাৰৰ উপৰি কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস, এআইইউডিএফৰ জব্বৰ আলী, নেশ্যনেল ৰোডমেপ পাৰ্টি অফ ইণ্ডিয়াৰ মেৰাজুল হক, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ শিবেন দাসৰ উপৰি চৌকত আলী আহমেদ, খাম্ফা খুংগুৰ গয়াৰী আৰু আৰিফুল ইছলামে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply