কেবিনেট বৈঠক

জনতা ভৱনত আজি অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ চতুৰ্থখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অভাৰলোডিং কয়লা ট্ৰাকৰ বিৰুদ্ধেও সৰৱ হৈ উঠিছে চৰকাৰ।
কয়লা ছিণ্ডিকেট সন্দৰ্ভত চৰকাৰী নিৰ্দেশনা । দীঘৰ খাল, শ্রীৰামপুৰ গেটত ওজন কৰা হ’ব কয়লা ট্রাক ।
অভাৰ লোড থাকিলে কয়লা খালী কৰি দিয়া হ’ব, ৩১ মে’লৈ পৰীক্ষামূলকভাৱে হ’ব ।
অভাৰ ল’ডৰ নামত যাতে দুষ্কাৰ্য কৰিব নোৱাৰে, ছাগলীয়া গেটৰে কয়লা ট্রাক যাব নোৱাৰিব ।
মেঘালয়ৰ পৰা অহা ট্রাকো কৰা হ’ব পৰীক্ষা ।

বৰদোৱা প্রকল্পক ৩৫ বিঘা ২ কঠা ২ লেচা মাটি পুনৰ আবণ্টন।
সাহিত্যৰ বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্মদিন ৭ ডিচেম্বৰত প্রদানৰ সিদ্ধান্ত।
ক্রীড়া বঁটাসমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰত প্রদান কৰা হ’ব।শিল্পী বঁটাসমূহ ১৭ জানুৱাৰী শিল্পী দিৱসত প্রদান কৰা হ’ব। বঁটাসমূহ প্ৰদানৰ ৭ দিনৰ আগতে ঘোষণা কৰা হব ।

সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্রপতি, গোপীনাথ বৰদলৈৰ ফটো থাকিব।
বানপানীত ক্ষয়-ক্ষতিৰ অনুদানৰ সাহাৰ্য জিলা উপায়ুক্তই দিব পাৰিব। ছিপাঝাৰৰ গৰু খুঁটিৰ ৭৭ হাজাৰ ভূমিত খেতিৰ পৰিকল্পনা।এই সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এখন কমিটী গঠন কৰা হয়। কমিটিৰ অনান্য সদস্য সকল হল সাংসদ দিলীপ শইকীয়া, বিধায়ক মৃণাল শইকীয়া, পৰমানন্দ ৰাজবংশী । কৃষি বিভাগৰ সঞ্চালক বিনোদ শেষান সদস্য সচিব হব।
‘কভাক্সিন’ৰ নাটনি ১০ দিনৰ ভিতৰত দূৰ হ’ব।বৰ্তমান ১.৫০ লাখ ‘কভাক্সিন’ মজুত আছে।
১২ জুলাইৰ পৰা নতুন চৰকাৰৰ বাজেট অধিৱেশনৰ পৰামৰ্শ আগবঢ়াই।২৫ দিনীয়াকৈ হ’ব এই বাজেট অধিৱেশন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply