কমাৰগাঁও (গোলাঘাট) : গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত খুমটাই বগৰীয়নীত ধনশিৰি নৈ ওপৰত থকা নুমলীগড় শোধনাগাৰৰ তেল পৰিবহী ৰেল লাইনৰ ওপৰে প্ৰতিদিনাই শশ শ্ৰমিক, ব্যৱসায়ী ,কৃষক ,বিদ্যালয় , মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল বিপদ সংকুলভাৱে নিজৰ জীৱনৰ সংশয়ৰ কথা নাভাবি অহা যোৱা কৰি আহিছে ।

উল্লেখ যে নুমলীগড় শোধনাগাৰ পশ্চিম দিশত থকা খুমটাইৰ বগৰীয়নী অঞ্চল হৈছে খুমটাই আৰু সৰুপথাৰ বিধান সভা সমষ্টিৰ সংযোগ স্থল আৰু এই স্থানতে  তদানীন্তন ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী শৰৎ বৰকটকীয়ে দুয়োটা সমষ্টিৰ কৃষক ৰাইজ, ৰোগী প্ৰসূতি ,বিদ্যালয় মহাবিদ্যালয় লগতে প্ৰতিদিনাই নুমলীগড় শোধনাগাৰলৈ যোৱা স্থায়ী অস্থায়ী শ্ৰমিক সকলৰ সুবিধাৰ্থে এখন পকী দলং নিৰ্মাণৰ আধাৰশিলা কৰি এখন পকী দলঙৰ কাম আৰম্ভ কৰিছিল যদিও  বৰ্তমান সময়ত দলং খনৰ নিৰ্মাণৰ কাম  অৰ্ধ নিৰ্মিত হৈ ৰল ।

যাৰফলত বৰ্তমান সময়ত উক্ত পকী দলংখন সম্পূৰ্ণ হৈ নুঠাত কাষতে থকা নুমলীগড় শোধনাগাৰৰ খাৰুৱা তেল পৰীবাহী ৰেল লাইনৰ ওপৰেদি প্ৰতিদিনাই শোধনাগাৰটোত কৰ্মৰত শশ শ্ৰমিকৰ লগতে ৰাইজে নিজৰ পৰিয়াল লগতে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অতি ভয়াবহ ভাৱে পাৰা পাৰ হৈ আহিছে ।

কিন্তু এই সমূহ ছবি দেখিও জানিও আজি পৰ্যন্ত ধনশিৰি নৈ ওপৰত অৰ্ধ নিৰ্মিত দলংখন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰা দেখা নগল  খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক দুগৰাকীৰ লগতে নুমলীগড় শোধনাগাৰ কতৃপক্ষৰ ।  

ইফালে আজি খুমটাই বগৰীয়নীত অৰ্ধ নিৰ্মিত ধনশিৰী নৈৰ থকা পকী দলংখন পৰিদৰ্শন কৰি বীৰ লাচিত সেনা অসম গোলাঘাট সমিতিৰ সম্পাদক দেৱব্ৰত কোঁৱৰে কয় যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয় জয়কাৰৰ দিনত কেৱল মাত্ৰ এটা খুঁটাৰ বাবে চৰকাৰীৰ  অভিযন্তা আৰু একাংশ দালাল চক্ৰৰ বাবে নুমলীগড় শোধনাগাৰ কতৃপক্ষই সামাজিক দায়বদ্ধতা আঁচনিত অন্তভুক্ত কৰি দলং নিৰ্মাণৰ বাবে কোনো পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰি কয় যে ৮৫৫ জন শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত অসমীয়া লাভ কৰা এই নুমলীগড় শোধনাগাৰটো উন্নয়ন মূলক আঁচনিৰ জৰিয়তে খুমটাই অঞ্চল উন্নয়ন ক্ষেত্ৰত মাহী আই দৃষ্টিৰে চোৱা নুমলীগড় শোধনাগাৰ কতৃপক্ষই কি কাৰণত প্ৰায় ২০ টা বছৰে অৰ্ধ নিৰ্মিত খুমটাই আৰু সৰুপথাৰ সমষ্টি সংযোগ কৰা ধনশিৰি নৈ ওপৰৰ পকী দলংখন নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰিলে ই এটা ডাঙৰ ৰহস্য বুলি অভিহিত কৰে।

ইয়াৰ লগতে শীঘ্ৰেই খুমটাই বগৰীয়নীৰ ধনশিৰি নৈ ওপৰত থকা অসম্পূৰ্ণ পকী দলংখন নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ কিম্বা নুমলীগড় শোধনাগাৰ কতৃপক্ষই গুৰুত্ব প্ৰদান নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিয়ে ।  

লগতে পঢ়ক – কোনো ছাত্ৰ-ছাত্ৰীয়ে গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply