গুৱাহাটীঃ নিবনুৱা সমস্যা সমাধানৰ লগতে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰখনে কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে সাতখনকৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ৷

এই  অনুষ্ঠানত অসম দক্ষতা বিকাশ অভিযানৰ সৈতে মাইক্ৰছফ্‌ট, গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এল এণ্ড টি আৰু হেলথকেয়াৰ ছেক্টৰ স্কিল কাউঞ্চিলৰে স্বাক্ষৰিত কৰা হয় চুক্তি৷ এই চুক্তিসমূহে অনাগত দিনত ৰাজ্যৰ যুৱচামৰ দক্ষতা বৃদ্ধি, নিয়োগযোগ্য, উপযুক্ত প্ৰশিক্ষণৰ বাবে পৰিকাঠামো নিৰ্মাণ আৰু নিৰ্মাণ খণ্ডৰ অধীনৰ প্ৰকল্পসমূহৰ ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ আনহাতে, নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ বিভাগৰ সৈতে নকৰি ডট কম নামেৰে জনপ্ৰিয় ইনফ’ এজ [ইণ্ডিয়া] লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়৷

এই চুক্তিৰ জৰিয়তে ডিজিটেল মাধ্যমত নিজৰ প্ৰফাইলসমূহ অনলাইন মাধ্যমৰ জৰিয়তে নিয়োগ প্ৰদানকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ প্ৰদান কৰিব৷ তদুপৰি শক্তি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বিকাশৰ লক্ষ্যৰে এছ জে ভি এন এল গ্ৰীন এনাৰ্জী লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তি-পত্ৰত স্বাক্ষৰ কৰা হয়৷ এই চুক্তি অনুসৰি প্ৰথম অৱস্থাত প্ৰতিষ্ঠানটোৱে অসমত এক হাজাৰ মেগাৱাট সৌৰ শক্তি  উৎপাদন কৰিব৷

আনহাতে, অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড, ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয় আৰু টাটা কমিউনিটী ইনিচিয়েটিভ ট্ৰাষ্টৰ টাটা ষ্ট্ৰাইভ স্কিল ডেভেলপমেণ্টৰ সৈতে আতিথ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ আন এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷

জনতা ভৱনত অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে দক্ষতা বিকাশ, শক্তি খণ্ডৰ উন্নয়ন আৰু পৰ্যটন ক্ষেত্ৰখনৰ উৎকৰ্ষ সাধন তথা সম্ভাৱনাসমূহৰ সঠিক ব্যৱহাৰৰ লক্ষ্যৰে স্বাক্ষৰিত কৰা এই চুক্তিসমূহৰ ৰূপায়ণে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ গতি ক্ষিপ্ৰ কৰিব বুলি আশা কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply