অসম ৰাজ্যিক জমিয়ত উলেমা

হোজাই: এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমল কেতিয়াও সংখ্যালঘুৰ ত্ৰাণকৰ্তা নহয়, দীৰ্ঘকাল ধৰি সংখ্যালঘুক লৈ ৰাজনীতি কৰিছে যদিও তেওলোকৰ উন্নতিৰ কাৰনে একোৱেই কৰা নাই ।

হোজাইত অসম ৰাজ্যিক জমিয়ত উলামাই সংবাদমেল পাতি তুলিছে এই অভিযোগ। ছিপাঝাৰৰ গৰুখুটীত হোৱা উচ্ছেদ আৰু এজন আহতৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ সন্দৰ্ভত অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তক আনফাৰে এখন সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ তোলে ।

সংবাদমেল সম্বোধন কৰি উচ্ছেদিত লোকসকলক পুনঃসংস্থাপন দিয়াৰ দাবী উত্থাপন কৰে।নিহতৰ পৰিয়ালক এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে।
সংবাদমেল সম্বোধন কৰি AIUDF মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মুস্তক আনফাৰৰ।জমিয়তে কেতিয়াও ৰাজনীতি নকৰে কিন্তু জমিয়ত দুভাগ হৈ আনটো জমিয়ত দলৰ সভাপতি নিজেই এক ৰাজনৈতিক দলৰ সভাপতি বুলি মন্তব্য কৰে।

লগতে পঢ়ক- মৰিগাঁও কাৰাগাৰ ফিল্ডত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী দাহন

যি উদ্দেশ্যি বদৰুদ্দিনে ৰাজনৈতিক দল খুলিলে সংখ্যালঘুৰ স্বাৰ্থৰ হকে কিন্তু সংখ্যালঘুৰ কি উন্নতি কৰিলে এই প্ৰশ্ন অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তক আনফাৰৰ। জমিয়ত উলামা ৰাইজৰ স্বাৰ্থৰ বাবে আৰু ৰাইজৰ হকে কাম কৰাৰ বাবে ,ই কেতিয়াও ৰাজনীতিকৰণ নহয় আৰু নিজেও কেতিয়াও ৰাজনীতিত নানামে এই মন্তব্য ৰাজ্যিক জমিয়তৰ সভাপতি গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply