বোকাখাত, উত্তম কুমাৰ শৰ্মা‌: মৃত্যুৰ ৮০ বছৰৰ পাছত অৱশেষত উন্মোচন কৰা হ’ব ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা ৪২ৰ আন্দোলনৰ অসমৰ শ্বহীদ কমলা মিৰিৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি।

অহা ২৩ এপ্ৰিলত স্বাধীনতা সংগ্ৰামী গৰাকীৰ ৮০ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি জন্মস্থান বোকাখাত মহকুমাৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত গোলোংটেমেৰা গাঁৱৰ শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত উন্মোচন কৰা হ’ব স্বাধীনতা সংগ্ৰামী গৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আপোচহীন সংগ্ৰামী শ্বহীদ কমলা মিৰিৰ স্মৃতি সুৰক্ষিত তথা যুগমীয়া কৰি ৰখাৰ স্বাৰ্থতে শ্বহীদ কমলা মিৰিৰ ৭৫ তম মৃত্যু দিৱস উদযাপন সমিতিৰ লগতে মিছিং স্বায়ত্ত শাসিত পৰিষদৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপ।

উল্লেখযোগ্য যে ২০১৮ চনত স্বাধীনতা সংগ্ৰামীজনৰ ৭৫ তম মৃত্যু দিৱস উদযাপন উপলক্ষে শ্বহীদ কমলা মিৰি ৭৫ তম মৃত্যু দিৱস উদযাপন সমিতিয়ে মিছিং স্বায়ত্ত শাসিত পৰিষদক ছহিদ কমলা মিৰিৰ সন্দৰ্ভত কেইবাটাও দাবী সন্নিবিষ্ট কৰি প্ৰদান কৰা স্মাৰক পত্ৰৰ মুখ্য দাবী আছিল শ্বহীদ গৰাকীৰ জন্ম স্থানত এটা পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি স্থাপন কৰা।

আৰু আৰু উক্ত দাবী অনুসৰিয়েই মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত নিৰ্মান কৰি উলিওৱা হৈছে শ্বহীদ গৰাকীৰ এটা পূৰ্ণাংগ মূৰ্ত্তি।

লগতে মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগতে ২০ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে স্মৃতি উদ্যানখনৰ চৌহদৰ পকী বেৰাও।

অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া উক্ত উন্মোচনী কাৰ্যসূচীৰ বাবে বৰ্তমান ক্ষিপ্ৰ গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে মিছিং স্বায়ত্ত শাসিত পৰিষদ আৰু শ্বহীদ কমলা মিৰি ৭৫ তম মৃত্যু দিৱস উদযাপন সমিতিয়ে।

ইফালে সোমবাৰে উক্ত কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত শ্বহীদ কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় এখনি গুৰুত্বপূৰ্ণ সভা। শ্বহীদ কমলা মিৰি ৭৫ তম মৃত্যু দিৱস উদযাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী হলিৰাম লয়িংৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত ৰাইজে শ্বহীদ কমলা মিৰি ৭৫ তম মৃত্যু দিৱস উদযাপন সমিতি আৰু মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগৰ প্ৰতি কৃতজ্ঞতা জনোৱাৰ লগতে অহা ২৩ এপ্ৰিলৰ উন্মোচনী অনুষ্ঠানত স্থানীয় ৰাইজ আৰু জাতীয় দল সংগঠনৰ সহযোগিতা কামনা কৰে।

লগতে পঢ়ক – নৃশংস:মানসিক বিকাৰগ্ৰস্ত লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে দুই যুৱকে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply