গুৱাহাটীঃ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাত্‍ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে ভৰলুমুখ শ্লুইচ গেট। ভৰলুমুখত থকা পাম্প ষ্টেশ্যনে ধাৰাবাহিকভাৱে গুৱাহাটী বিভিন্ন স্থানৰ পৰা অহা পানী উলিয়াই দিয়াৰ কাম অব্যাহত ৰাখিছে। কিন্তু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসৰি অহা ২০ তাৰিখলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাবোৰত বৃষ্টিপাত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এনে পৰিস্থিতিত গুৱাহাটীত জমা হোৱা পানী উলিয়াই পঠিয়াবলৈ সক্ষম হ’ব নে একমাত্ৰ পাম্প ষ্টেশ্যনটো?

লগতে পঢ়কঃবৃদ্ধি পাইছে উমিয়াম হ্ৰদৰ জলস্তৰ: অসমলৈ মেঘালয় চৰকাৰৰ সতৰ্কবাণী

ইফালে গুৱাহাটীৰ আটাইকেইটা জলাশয় সম্প্ৰতি বেদখলকাৰীৰ কবলত। আনহাতে আজি পুৱাতেই মেঘালয়ৰ ৰি-ভই জিলা প্ৰশাসনৰ তৰফৰ পৰা অহা সতৰ্কবাণী অনুসৰি মেঘালয়ে যিকোনো মুহুৰ্ত্ততে খুলি দিব উমিয়াম হ্ৰদৰ শ্লুইছ গেট। মেঘালয়তো ব্যাপক হাৰত হৈ থকা বৰষুণৰ ফলত উমিয়াম হ্ৰদত জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীত পুনৰ জলপ্ৰলয় হোৱাটো নিশ্চিত হৈ পৰিছে। এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

উল্লেখ্য যে কালিৰে পৰা কামৰূপ মহানগৰ জিলাত বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত জমা পানী উলিয়াই পঠিওৱাত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা নাই। ইফালে গুৱাহাটীৰ বিভিন্ন স্থানত পুনৰ ছুপাৰ-ছাকাৰেৰে নলা-নৰ্দমা পৰিস্কাৰৰ কামত ব্যস্ত হৈ পৰিছে গুৱাহাটী পৌৰ নিগম। পিছে বৰষুণ, উমিয়াম হ্ৰদৰ অতিৰিক্ত পানী আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে ভৰলু নৈৰ শ্লুইছ গেট বন্ধ, এই আটাইকেইটা কাৰকে যে অনাগত এটা সপ্তাহত গুৱাহাটীবাসীক দুৰ্ভোগ ভুগাব সেয়া নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply