গুৱাহাটী : ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিৰোধীক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছিল। সেই সকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ কমিটী গঠন। কমিটীয়ে ১৫ খন জিলাৰ ২১২ জনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

১৫ দিনৰ ভিতৰত কাৰণ দেখুওৱাৰ নিৰ্দেশ বহু প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়কৰ নাম আছে এই তালিকাত। যি পৰ্যায়ৰ কৰ্মী বা নেতাই নহ‌ওক কিয়, দোষী সাব্যস্ত হ’লে এপিচিচিয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব। বিভিন্ন জিলা কংগ্ৰেছ কমিটী, কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰেৰণ কৰিছে দল বিৰোধী কংগ্ৰেছৰ নেতা-কর্মীৰ নাম।

দালালৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰে ভৰত।চন্দ্ৰ নৰহে। ডাঙৰ ডাঙৰ দালালসমূহক প্ৰথমে ধৰিবলৈ আহ্বান জনায় ভৰত চন্দ্ৰ নৰহে। উপ নিৰ্বাৱন্ত5 মৰিয়ানি আৰু থাওৰা সমষ্টি কংগ্ৰেছৰ মেইন টাৰ্গেট বুলিও কয় কংগ্ৰেছ নেতা ভৰত চন্দ্ৰ নৰহে।

লগতে পঢ়ক : চিকিৎসাৰ অভাৱত পুনৰ মৃত্যুক সাবটিলে কাগজ কলৰ দুজনকৈ কৰ্মচাৰীয়ে

উপ-নিৰ্বাচনত এই দুই সমষ্টিত কংগ্ৰেছ দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছ দলে বুলিও বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদ মেলত জানিবলৈ দিয়ে ভৰত চন্দ্ৰ নৰহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply