মাজুলীঃ মাজুলী শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ জেষ্ঠ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ সাধক ভোলাৰাম বৰা গায়নৰ মৃত্যু।
বাৰ্ধ্যক্যজনিত কাৰণত মৃত্যু হয় জেষ্ঠ বৈষ্ণৱ গৰাকীৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০১ বছৰ।
লগতে পঢ়কঃলখিমপুৰত কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ বি জে পি কৰ্মীৰ মৃতদেহ
৫ বছৰ বয়সতে সত্ৰলৈ আহিছিল ভোলাৰাম বৰা গায়ন। তেওঁ বৰগায়নৰ পদবীৰ লগতে ধানদিয়া ভৰালীৰ আসনটো সেৱা আগবঢ়াইছিল। লগতে নৌকা নিৰ্মাণৰ কলাৰ লগতো জড়িত আছিল ভোলাৰাম বৰা গায়ন ।
জেষ্ঠ বৈষ্ণৱ গৰাকীৰ মৃত্যুত সত্ৰ খনত শোকৰ ছাঁ পৰিছে।