গুৱাহাটী : ক’ভিড মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত ৰাখিছে তাণ্ডৱলীলা। প্ৰতিদিনে দেশত কেইবা লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। অসমতো বিগত কিছুদিন ধৰি ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণৰ ঘটনা। ৰাজ্যত ক’ভিডৰ সংক্ৰমণৰ ৰোধ কৰিবলৈ ইতিমধ্যে চৰকাৰে ৰাজ্যজুৰি দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰিছে। দিনৰ ১১ বজাতে দোকান-পোহৰ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ বাবে চৰকাৰৰ কঠোৰ নিৰ্দেশনা মানি যি সময়ত ৰাইজ নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে সেই সময়তে গুৱাহাটীলৈ বাইক চুৰি কৰাৰ উদ্দেশ্যে আহি থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰিল এজন বাইক চোৰ। সোমবাৰে বকোৰ সোনতলীৰ পৰা গুৱাহাটী অভিমুখে বাইক চুৰি কৰিবলৈ আহি থকা অৱস্থাত বঙৰাত থকা আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে নুৰুদ্দিন আলী নামৰ এজন বাইক চোৰ।

পিছে নুৰুদ্দিন আলীৰ গ্ৰেপ্তাৰে বিপদ কঢ়িয়াই আনে অন্য কেইবাজনো বাইক চোৰৰ বাবেও। আৰক্ষীয়ে নুৰুদ্দিন আলীক লগত লৈ কামৰূপ জিলাৰ বকো, নগৰবেৰা, সোনতলীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে অন্য ৫ জনকৈ বাইক চোৰক। ধৃত বাইক চোৰ কেইজন হ’ল ক্ৰমে হাছেন আলী, হাচেম আলী, নুৰ আলী, ইজাৰ আলী আৰু সমৰ আলী ওৰফে বাবুল আলী।

আৰু পঢ়কঃ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ

ইয়াৰ মাজতে আৰক্ষীয়ে এই ছায় জনীয়া বাইক চোৰৰ দলটোৰ আজাৰা প্ৰাথমিক চিকিৎসালত ক’ভিড পৰীক্ষা কৰাত নুৰুদ্দিন আলীৰ শৰীৰত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ক’ভিড ধৰাত পৰা নুৰুদ্দিন আলীক বঙৰাস্থিত পতাঞ্জলী যোগ পীঠ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰি আৰক্ষীয়ে বাকী চোৰৰ দলটোক জেল হাজোতলৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply