চিকিৎসালয়ৰ পৰা ক'ভিড আক্ৰান্ত ৰোগীৰ পলায়ন

বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা কালি নিশা ৮ মান বজাত শ্যামল বৰুৱা(৩০) নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ পলায়নৰ চেষ্টা।

কিন্তু বিশ্বনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপু বড়োৰ তৎপৰতাত আধা ঘন্টাৰ ভিতৰত পুনৰ ক’ভিড আক্ৰান্ত ৰোগী গৰাকীক সন্ধান উলিয়াই বিশ্বনাথ নগৰৰ পৰা ৰোগী গৰাকীক পুনৰ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চমজাই দিয়ে ।

পলাতক ৰোগী গৰাকী বিশ্বনাথ জিলাৰ হাৱাজানৰ নপমুৱাৰ বুলি জানিবলৈ দিছে।আনহাতে পলায়ন কৰা ক’ভিড আক্ৰান্ত ৰোগী গৰাকীয়ে চিকিৎসালয় খনৰ আন চিকিৎসাধীন ৰোগীৰে কাজিয়া কৰি পলায়ন কৰিছিল বুলি জানিবলৈ দিছে চিকিৎসালয় কতৃপক্ষই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply