গুৱাহাটীঃ আজি প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলে সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক।

ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে কংগ্ৰেছৰ সঁজাতি দলটোৱে।

উল্লেখ্য যে, বিগত ২০১৮ পৰা হোৱা নাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

গুৱাহাটী পৌৰ নিগম, ৰাজ্যৰ পৌৰ সভা সমূহৰ নিৰ্বাচন পতাৰ দাবীত প্ৰদান কৰিলে এই স্মাৰক পত্ৰ।

লগতে পঢ়কঃদগাঁও- ধিং গাঁও পঞ্চায়তৰ উপ- সভাপতিৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ ৰাইজৰ

উক্ত সঁজাতি দলটোত আছিল প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, অসীমা বৰদলৈ, স্বপন দাস আৰু মনজিত মহন্ত।

চৰকাৰৰ হেমাহীৰ বাবে নিৰ্বাচন নপতাৰ অভিযোগ উত্থাপন কৰিলে মনজিত মহন্তই। মহন্তই কয়, ‘বিজেপি চৰকাৰে ক্ষমতাৰ বিকেন্দ্ৰী কৰণ নিবিচাৰে। চৰকাৰে বিচাৰিলে নিৰ্বাচন পাতিবলৈ সাজু নিৰ্বাচন আয়ুক্ত।

নিৰ্বাচন নাপাতিলে চৰকাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে কংগ্ৰেছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply