কোৰোনাৰ ভয়াবহ সংক্ৰমণ

অসমত আকৌ ৫৬৫৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
ইয়াৰে ১৪৫৬জন কামৰূপ মেট্ৰ’ৰ, ৪৬০জন কামৰূপ গ্ৰাম্যৰ, ৩৮১জন ডিব্ৰুগড়ৰ, ২৯৩জন নগাঁৱৰ।
বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৮৮০জন লোক আৰু মৃত্যু হয় ৭১জন লোকৰ।
এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩১০০৮৬জনলৈ বৃদ্ধি পাইছে।
ইফালে, ৰাজ্যত চিকিৎসাধীন হৈ আছে ৪০৯৭০জন কোৰোনাক্ৰান্ত ৰোগী।

বুধবাৰে পজিটিভিটিৰ হাৰ ৮.৮৫ শতাংশ।
এইদিনটোতে কামকূপ মেট্ৰ’ৰ ২৬ জন, কামৰূপৰ ৭ জন, বৰপেটা, দৰং, ডিব্ৰুগড়ৰ ৪জনকৈ , নগাঁও, শোণিতপুৰ তিনিচুকীয়া, কাৰ্বি আংলঙৰ ৩ জনকৈ লোকৰ মৃত্যু হয়।
যোৱা দহটা দিনত কামৰূপ মেট্ৰ’ৰ ১৪,৭৬০ , ডিব্ৰুগড়ৰ ৪০৯৯, আৰু কামৰূপ গ্ৰাম্যৰ ৪০৩৭ জন লোক আক্ৰান্ত হৈছে।

লগতে পঢ়ক আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব মা কামাখ্যা দেৱালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply