হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলা সদৰস্থিত হাটশিঙিমাৰী অসম প্ৰফেচনেল একাডেমীত মানকাচৰ সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়।উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে অসম পৰিবহন বিভাগৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন সমষ্টিত ৫০ গৰাকীকৈ নিৱনুৱাক কৰ্মমুখী কৰিবলৈ মুখ্যমন্ত্ৰীৰ গাড়ী চালকৰ দক্ষতাৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ কৰিছে।

৪৫ দিনৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত মানকাচৰ সমষ্টিৰ প্ৰশিক্ষাৰ্থী সকলক হাটশিঙিমাৰী অসম প্ৰফেচনেল একাডেমীত প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকক বিনামুলীয়াকৈ ড্ৰাইভিং লাইচেঞ্চ দিয়া হ’ব। ৰাজ্যৰ সংঘনে সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিৱনুৱা সকলক কৰ্মমুখী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে এই অভিলাক্ষী আঁচনিৰ কাম হাতত লৈছে।

লগতে পঢ়ক  : মৰাণৰ এটা প্ৰান্তৰত উপদ্ৰৱ চলাইছে বান্দৰে

হাটশিঙিমাৰীত ৫০ গৰাকী প্ৰাৰ্থীৰ উপস্থিত প্ৰশিক্ষণৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলাখনৰ সদৰ মহকুমাধিপতি বিক্ৰম ছেত্ৰী। আনহাতে জিলা পৰিবহন বিভাগৰ বিষয়া আশ্বিফ আহমেদ, জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডাঃ ছাইফুল ইছলামকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি এই শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে। শুভ উদ্বোধন অনুষ্ঠানৰ জৰিয়তে অসম প্ৰফেচনেল একাডেমীৰ হাটশিঙিমাৰী শাখাৰ চেণ্টাৰ হেড ৰৌশনাল কাবিৰ মণ্ডল ৫০ গৰাকী প্ৰশিক্ষকক একাডেমীৰ পৰা ইউনিফৰ্ম বিতৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply