YouTube video

বাক্সা : এফালে ভূটান পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু আনফালে দিৰিং নৈৰ পানীৰ কুলু কুলু শব্দ। ভূটান পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু দিৰিং নৈয়ে পৰ্যটকৰ আকৰ্ষণ স্থলীত পৰিণত কৰি তুলিছে বাক্সা জিলাৰ দ্বাৰা গাঁও। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত অৰ্ধ লকডাউনৰ দিন কেইটা ঘৰতে সোমাই থাকি অস্বস্তি অনুভৱ কৰা লোক সকল যদি কভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময়ৰ বাবে বিলীন হ’ব বিচাৰে তেন্তে আহিব পাৰে দ্বাৰা গাঁওখনলৈ।

ক’ভিড সংক্ৰামণৰ হাৰ হ্ৰাস পালেই শিথিল হ’ব অৰ্ধ লকডাউনৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা। বৰ্তমান ঘৰত ভিতৰত আৱদ্ধ হৈ গেলা গৰমত অস্বস্তি অনুভৱ কৰা লোক সকল গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে অলপ বিনোদনৰ বাবে ঢাপলি মেলিব পাৰে শ্বিলং অথবা দাৰ্জিলিঙলৈ। শ্বিলং অথবা দাৰ্জিলিঙলৈ যোৱাৰ বাবে পৰিকল্পনা কৰা লোক সকল এইবাৰ ফুৰি আহিব পাৰে বাক্সা জিলাৰ দ্বাৰা গাঁওখন। ভাৰত-ভুটান সীমান্তৱৰ্তী দ্বাৰা গাঁৱৰ দৃশ্যই নিৰাশ নকৰে পৰ্যটকক৷

লগতে পঢ়ক : ক’ভিড আতংকৰ মাজতে গ্ৰাম্য অৰ্থনীতিলৈ কিছু আশাৰ বতৰা কঢ়িয়াইছে টীয়কৰ অমৰ জ্যোতিয়ে

ভূটান পাহাৰৰ পৰা নামি অহা দিৰিং নদীৰ শ্লুইচ গেটৰ পানীৰ কুলু কুলু শব্দই আপ্লুত কৰে পৰ্যটক সকলক৷ ইয়াৰ সমান্তৰালে নৈখনৰ গাতে লাগি থকা ভূটান পাহাৰৰ সেউজীয়া দৃশ্যই অধিক আকৰ্ষিত কৰি তুলিছে ঠাইখনক৷ কভিড সৃষ্ট পৰিৱেশৰ ফলত যোৱা বছৰ গ্ৰীষ্মকালত দূৰ দূৰণিৰ লোক সকল এই অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ পৰা বঞ্চিত হৈছিল।

এই বেলিও পুনৰ ক’ভিডৰ দ্বিতীয়টো ঢৌৰ ফলত দূৰ দূৰণিৰ পৰ্যটক অহা নাই যদিও স্থানীয় লোক সকলে ইতিমধ্য ইয়ালৈ আহি ইয়াৰ প্রাকৃতিক পৰিৱেশৰ মাজত বিলীন হোৱাৰ লগতে দিৰিং নৈত গা ধুই দেহ মন জুৰ পেলাইছে৷ ক’ভিডৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছত পৰ্যটকক হাত বাউলী মতা দ্বাৰা গাঁৱৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে ইয়াৰ শীতল পানীত স্নান কৰি গা শীতল কৰিবলৈ পুনৰ ইয়াত ভিৰ কৰিব পৰ্যটকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply