গুৱাহাটী : ফাঁচী বজাৰত পুনৰ চলিল উচ্ছেদ অভিযান। আৰক্ষীৰ সহযোগত গুৱাহাটী পৌৰ নিগমে চলালে ফাঁচী বজাৰত উচ্ছেদ অভিযান। এছ এছ ৰোড আৰু এম জি ৰোডত পৌৰ নিগমে উচ্ছেদ অভিযান চলায়।

এছ এছ ৰোড আৰু এম জি ৰোডৰ দুয়োকাষে পদপথৰ ওপৰত থকা দোকান সমূহ উচ্ছেদ কৰে গুৱাহাটী পৌৰ নিগমে। পদপথৰ ওপৰত অবৈধভাৱে দোকান দিয়া ব্যৱসায়ী সকলক বাৰম্বাৰ বাধা দিয়াৰ পিছতো একাংশ লোকে দোকান দি আছে।

আৰক্ষীৰ সহযোগত পৌৰ নিগমে প্ৰথমে মাইকযোগে পদপথৰ ওপৰত দোকান দিয়া ব্যৱসায়ী সকলক দোকান আঁতৰাই নিবলৈ আহ্বান জনায়। পৌৰ নিগমৰ আহ্বানৰ পিছতো ব্যৱসায়ী সকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে।

লগতে পঢ়ক : গোলাঘাটত ঘৰে ঘৰে ক’ভিড টীকাকৰণ কাৰ্য্যসূচী আৰম্ভ কৰিবলৈ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

অৱশেষত পৌৰ নিগম বাধ্য হৈ পদপথৰ ওপৰত থকা অবৈধ দোকান সমূহ এফালৰ পৰা ভাঙি যায়। পৌৰ নিগমে এই ফাঁচী বজাৰৰ পদপথৰ ব্যৱসায়ী সকলক ফাঁচী বজাৰত থকা পৌৰ নিগমৰ বজাৰত দোকান দিয়াৰ ব্যৱস্থা কৰি দিছে যদিও এইসকল ব্যৱসায়ী পদপথৰ ওপৰতে দোকান দি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply