জনসাধাৰণৰ সুবিধাৰ্থে পান আৰু আধাৰ সংযোগৰ তাৰিখ বৃদ্ধি কৰা হৈছে।
কৰদাতাসকলক সুবিধা কৰি দিয়াৰ বাবে পেন আৰু আধাৰ সংযোগৰ তাৰিখ ৩০ জুন, ২০২৩ লৈ বৃদ্ধি কৰা হৈছে। য’ত জনসাধাৰণে আধাৰ-পান সংযোগৰ বাবে নিৰ্ধাৰিত কৰ্তৃপক্ষক নিজৰ আধাৰৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন নোহোৱাকৈয়ে সংযোগ কৰিব পাৰিব।
জানিব পৰা মতে, এই সন্দৰ্ভত পৃথকে পৃথকে জাননী জাৰি কৰা হৈছিল যদিও আয়কৰ আইন, ১৯৬১(‘আইন’)ৰ বিধান অনুসৰি ২০১৭ চনৰ ১ জুলাই তাৰিখলৈকে পেন আবণ্টন পোৱা আৰু আধাৰ নম্বৰ লাভ কৰাৰ যোগ্য প্ৰতিজন ব্যক্তিয়ে নির্ধাৰিত কৰ্তৃপক্ষক নিজৰ আধাৰৰ বিষয়ে অৱগত কৰিব লাগিব বা ৩১ মাৰ্চ, ২০২৩ৰ আগতে, নিৰ্দিষ্ট মাচুল পৰিশোধ কৰিব লাগিব।
পেন আৰু আধাৰ সংযোগৰ উদ্দেশ্যে নিৰ্ধাৰিত কৰ্তৃপক্ষক আধাৰ অৱগত কৰাৰ তাৰিখ এতিয়া ৩০ জুন, ২০২৩ লৈ বৃদ্ধি কৰা হৈছে।

২০২৩ চনৰ ১ জুলাইৰ পৰা আধাৰৰ সংযোগ নকৰা কৰদাতাসকলৰ পেন, প্ৰয়োজন অনুসৰি, অকাৰ্যকৰী হৈ পৰিব আৰু পেন অকাৰ্য্যকৰী হৈ থকা সময়ছোৱাত ইয়াৰ পৰিণতি তলত দিয়া ধৰণৰ হ’ব-
- এনে পেনৰ বিৰুদ্ধে কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহ’ব;
- যি সময়ছোৱাত পেন অকাৰ্যকৰী হৈ থাকে, সেই সময়ছোৱাৰ বাবে এনে ধন ঘূৰাই দিয়াৰ সুত প্ৰদান কৰা নহ’ব; আৰু আইনত উল্লেখ কৰা অনুসৰি, টিডিএছ আৰু টিচিএছ অধিক হাৰত কৰ্তন বা সংগ্ৰহ কৰা হ’ব।
- ১০০০ টকা মাচুল আদায় দিয়াৰ পিছত নিৰ্ধাৰিত কৰ্তৃপক্ষক আধাৰৰ অৱগত কৰিলে ৩০ দিনৰ ভিতৰত পুনৰ পেন কাৰ্যক্ষম কৰিব পাৰিব।
আনহাতে, যিসকল ব্যক্তিয়ে পান-আধাৰ সংযোগৰ পৰা ৰেহাই পাইছে, তেওঁলোক ওপৰত উল্লেখ কৰা পৰিণতিৰ বাবে দায়ী নহ’ব। এই শ্ৰেণীত নিৰ্দিষ্ট ৰাজ্যত বাস কৰা, আইন অনুসৰি প্ৰবাসী, ভাৰতৰ নাগৰিক নহোৱা ব্যক্তি বা পূৰ্বৰ বছৰৰ ভিতৰত যিকোনো সময়তে আশী বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ কৰা হৈছে যে আজিলৈকে ৫১ কোটিৰো অধিক পেন আধাৰৰ সৈতে সংযুক্ত হৈ আছে। তলৰ লিংকটোত গৈ আধাৰৰ সৈতে পান লিংক কৰিব পাৰিব।
https://eportal.incometax.gov.in/iec/foservices/#/pre-login/bl-link-aadhaar