পলাশবাৰী : কামৰূপ জিলাৰ পলাশবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিতৃৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছে এজন যুৱকে। মন্দিৰৰ ত্ৰিশূলেৰে একমাত্ৰ পুত্ৰজনক হত্যা কৰে পিতৃয়ে।

পলাশবাৰীত সংঘটিত হৈছে এক লোহমৰ্ষক হত্যাকাণ্ড। পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ। পলাশবাৰীৰ বিজয়নগৰ আৰক্ষী চকৰীৰ অন্তৰ্গত দখলা উপাৰপাৰত দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

লগতে পঢ়ক : তেজপুৰৰ পাঁচ মাইল নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

পৱিত্ৰ শৰ্মা নামৰ এজন লোকে পুত্ৰ মনোজ শৰ্মাক মন্দিৰৰ ত্ৰিশূলেৰে আক্ৰমণ কৰি হত্যা কৰে। পুত্ৰ হত্যাকাণ্ডৰ অভিযুক্ত পিতৃ পৱিত্ৰ শৰ্মাক বিজয়নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। একমাত্ৰ পুত্ৰৰ অত্যাচাৰীৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি পিতৃ পৱিত্ৰ শৰ্মা স্বীকাৰোক্তি দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply