গোৱালপাৰা : গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ২০ লক্ষাধিক টকা মূল্যৰ সম্পত্তি ভস্মীভূত। নিমিষতে জুইত জাহ যায় কেইবাখনো দোকান। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

গোৱালপাৰা জিলাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ ধূপতলা বজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন চাইকেল দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক :  বৰ মৌৰ আক্ৰমণত টীয়কৰ চেলেংহাটত মৃত্যু এজনৰ

অগ্নিকাণ্ডত নিমিষতে বজাৰখনত থকা ৬ খনকৈ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ডত ৪০ লক্ষাধিক টকা মূল্যৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply