গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত মহৰিপাৰাৰ ৰামছাঝাৰ গাঁৱৰ এগৰাকী বোৱাৰীক যৌতুক বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

২০২০ চনৰ মাৰ্চ মাহত যুৱতী গৰাকী নলবাৰী ৰঙাফালি গাঁৱৰ নিবাসী মৃণাল নাথৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

বিবাহৰ কিছুদিন পিছতেই মৃণাল নাথ আৰু পৰিয়ালৰলোকে যৌতুক বিচাৰি নানান অকথ্য নিৰ্যাতন চলোৱাৰ লগতে প্ৰাণে মৰাৰো চেষ্টা কৰে বুলি অভিযোগ উত্থাপন হৈছে।

উপায়বিহীন হৈ যুৱতীগৰাকীয়ে ৰামচাঝাৰস্থিত মাতৃ গৃহত বৰ্তমান আশ্ৰয় লৈ আছে। নিৰ্যাতিতা গৰাকীৰ পিতৃ গৃহৰ পৰিয়ালৰ লোকে সমস্ত কথা অৱগত কৰি মৃণাল নাথৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়কঃবহিৰাগত লোকক কাৰখানা হস্তান্তৰ কৰিবলৈ বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ আনকি মৃণাল নাথৰ ভিনিহিয়েক মহৰিপাৰা নিবাসী ৰবীন্দ্ৰ দেৱনাথে বোৱাৰী গৰাকীক মহৰিপাৰা চ’কলৈ আহোতে শাৰীৰিক ভাৱে অপদস্ত কৰে আৰু অসৎ ইংগিত দিয়ে ।

এইবিষয়ে বেৱাৰী গৰাকীয়ে অভিযোগ দি পুনৰ এখন এজাহাৰ গোৰেশ্বৰ থানাত দাখিল কৰে লগতে ষড়যন্ত্ৰ কৰি তেওঁলোকৰ সংসাৰ ভাঙি দিয়া বুলিও এজাহাৰত উল্লেখ কৰে।

এই ক্ষেত্ৰত দুৰ্ভগীয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লগতে গাওঁখনৰ মহিলাসকলে স্বামী মৃণাল নাথ আৰু ভিনিহিয়েক ৰবীন্দ্ৰ দেৱনাথৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply