গোৰেশ্বৰঃ বাক্সা জিলাৰ গুৰমৌ হাইস্কুলৰ প্ৰশ্ন কাকত ফাদিলক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

চলিত ছয়মাহিলী পৰীক্ষাৰ কাকত প্ৰধান শিক্ষক মুনীন্দ্ৰ কুমাৰ শৰ্মাই ফাদিল কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

উল্লেখযোগ্য যে, গুৰমৌ হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ দাসৰ পুত্ৰ আৰু ভতিজাকক ঘৰতে প্ৰশ্নকাকত দি পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰি এদিন পিছতহে উত্তৰ বহী বিদ্যালয়ত জমা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়কঃমাজুলীত ক’ভিড ভেকচিন লোৱাৰ পাছতেই সংকটজনক অৱস্থা

লগতে প্ৰধান শিক্ষক মুনিন্দ্ৰ কুমাৰ শৰ্মাই বিগত সময়তো বহু দুৰ্নীতিৰ সৈতে জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সেয়েহে গুৰমৌৰ স্থানীয় ৰাইজৰ লগতে অভিভাৱক সকল ওলাই আহি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এই বিষয়টোৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰৰ দাবী জনাইছে অভিভাৱক সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply