গুৱাহাটী : গুৱাহাটী আৰু কামৰূপ মহানগৰ আৰক্ষীয়ে পুনৰ লাভ কৰিলে এক বৃহৎ সাফল্য। ড্ৰাগছ বিৰোধী অভিযান চলাই গুৱাহাটী আৰু কামৰূপ মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ৪ কোটি টকাৰ হেৰ’ইন। এখনৰ ট্ৰাকৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ হেৰ’ইন।

গুৱাহাটী আৰু কামৰূপ মহানগৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। মেঘালয়ৰ বৰ্ণিহাটত এখন ট্ৰাকত তালাচী চলাই গুৱাহাটী আৰু কামৰূপ মহানগৰ আৰক্ষীয়ে এই হেৰ’ইনখিনি জব্দ কৰে।

আৰক্ষীয়ে এমএন-০৭-চি-৪২৯২ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই ট্ৰাকখনৰ কেবিনেট থকা গোপন চেম্বাৰৰ পৰা ৪০ টা চাবোনৰ বাকচত এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি জব্দ কৰে।

লগতে পঢ়ক : সত্ৰ নগৰী মাজুলীত ৰাস উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আৰক্ষীয়ে ইথেমচা মুছলাম আৰু ৰমেশ কুমাৰ ছেত্ৰী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি জেৰাৰ অন্তত ভেটাপাৰাৰ পৰা অন্য এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য ৪ কোটি টকা হব বুলি অনুমান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply