যোৰহাট: দীৰ্ঘ দিন ধৰি যোৰহাট নগৰৰ মাজৰ পৰা ট্ৰাক স্টেন্ডটো স্থানান্তৰিত কৰাৰ দাবী উঠি অহাৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে সেইস্থানৰ পৰা সকলো বানিজ্যিক বাহন আইলামুখীয়ালৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।
উপায়ুক্ত গৰাকীয়ে নিদেৰ্শনা জাৰি কৰাৰ ২৪ ঘন্টা নৌ হওতেই একাংশ গুদামৰ মালিকে তথা চালকে গাড়ী পাকিংৰ নিয়ম ভংগ কৰি আকৌ আৰম্ভ কৰিলে গাড়ীৰ পাৰ্কিং ।
যোৰহাট জিলা প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি এটা সময়ত কেৱল ৫খন গাড়ী ৰখাৰ কথা কোৱা হৈছিল। এতিয়া চৰকাৰী নিৰ্দেশনা কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত পদক্ষেপ নোলোৱাৰ বাবেই গাড়ীয়ে আকৌ ভীৰ কৰিলেহি।
জিলা প্ৰশাসনৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এদেও দুদেও লোটা নিয়া চেওৰ ভুমিকাৰ বাবেই নিৰ্দেশনা বুমাৰাংত পৰিণত হোৱাৰ সম্ভাবনাই অধিক।
লগতে পঢ়ক- নগাঁৱৰ বঢ়মপুৰত হাতী পোৱালিৰ কৰুণ মৃত্যু