মানকাচৰ : মানকাচৰত নৱম শ্রেণীৰ নাৱালিকা ছাত্ৰী অপহৰণ। পঞ্চায়তৰ সদস্যাৰ স্বামীৰ বিৰুদ্ধে নাবালিকা গৰাকীক অপহৰণ কৰাৰ অভিযোগ। পঞ্চায়তৰ সদস্যাৰ স্বামীয়ে অপহৰণ কৰাৰ অভিযোগত আৰক্ষী অধীক্ষকৰ ওচৰত ভুক্তভোগী পৰিয়ালৰ এজাহাৰ দাখিল।

সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত মানকাচৰ থানাৰ এলেকাৰ দিয়াৰা বেপাৰীপাৰা গাঁৱৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী বিদ্যালয়লৈ যায়। ছাত্ৰী গৰাকী বিয়লিৰ ভাগত শিক্ষানুষ্ঠানৰ পৰা উভতি অহাৰ পথত মানকাচৰৰ পাথুৰীয়া গাঁও পঞ্চায়তৰ ১৪/১০ নং পঞ্চায়তৰ সদস্যা মাজেদা খাতুনৰ স্বামী সাহিনুৰ ইছলাম নাবালিকা ছাত্ৰী গৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে নাবালিকা গৰাকীৰ পৰিয়ালে। ঘটনাক লৈ নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি ছাত্ৰী গৰাকীক উদ্ধাৰ কৰাৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে। নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে জানিব দিয়া মতে, পাথুৰীয়া গাঁও পঞ্চায়তৰ অধীনস্থ দিয়াৰা ডুমুৰতোলা গাঁৱৰ বাসিন্ধা সাহিনুৰ ইছলাম পূৰ্বে গাঁও পঞ্চায়তৰ সদস্যা মাজেদা খাতুনসহ তিনিজনীক বিবাহ কৰিছে। লম্পট ব্যক্তিজনে নৱম শ্ৰেণীৰ নাবালিকা ছাত্ৰী গৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰি হত্যা কৰিব পাৰে বুলি পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিছে।

লগতে পঢ়ক :  নিয়োগ বাৰ্তা : ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমত চাকৰি

সাহিনুৰ ইছলামে নাবালিকা গৰাকীক বিবাহৰ প্ৰলোভন দি বহিঃৰাজ্যতো নি বিক্ৰী কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে। নাবালিকা ছাত্ৰী গৰাকীক আৰক্ষীয়ে অতি।শীঘ্ৰে উদ্ধাৰ কৰি লম্পট সাহিনুৰক গ্ৰেপ্তাৰৰ বাবে দাবী তুলিছে নাবালিকা গৰাকীৰ পৰিয়ালটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply