মথুৰাপুৰঃ অসমৰ সৰ্ববৃহৎ চাহ কোম্পানী এ পিজে টি লিমিটেডৰ অধীনস্থ  চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ  কৰ্মৰত চাহ কৰ্মচাৰীক সময়মতে প্ৰদান নকৰাত দৰমহা প্ৰদান নকৰাত আজি বাগিচাখনত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, বাগিচাখনৰ কৰ্মচাৰীসকলে পাবলগীয়া দুটা মাহৰ দৰমহা অনাদায় হৈ থকাত ক্ষুব্ধ হৈ পুৱা ৭ বজাৰ পৰা ৮ বজালৈ  বাগিচাখনৰ কার্যালয় সন্মুখত ধৰ্ণা দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বাগিচাৰ মালিক পক্ষই লোকচানৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে চাহ কোম্পানীটোৱে চফ্ৰাই চাহ বাগিচাখন গোপনে বিক্ৰী কৰা লগতে মথুৰাপুৰ চাহ বাগিচাখনো বিক্ৰীৰ বাবে প্রস্তুতি চলাইছে ৷ কিন্তু বিগত দুটা মাহ কৰ্মচাৰী, শ্ৰমিকৰ দৰমহা অনাদায় হৈ ৰয় থকাৰ লগতে বোনাচ,ভবিষ্যনিধিৰ ধন, পাবলগীয়া ছুটিৰ ধন আদি কৰি অন্যান্য পাৰিতোষিক আদি পোৱাৰ ক্ষেত্ৰত মালিকপক্ষই গা এৰাই চলা বিষয়টোত চাহ কৰ্মচাৰী লগতে শ্ৰমিক সকল বিগত কিছুদিন ধৰি ক্ষুব্ধ হৈ পৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply