বাক্সা : বাক্সাত হৰিণাৰ সন্ত্ৰাস। প্ৰকাণ্ড হৰিণাৰ আক্ৰমণত নিহত হয় এগৰাকী বৃদ্ধ। হৰিণাৰ আক্ৰমণত নিহত হোৱা বৃদ্ধ গৰাকীৰ নাম বীৰছা খাড়িয়া। বন বিভাগে ইতিমধ্যে ট্ৰেকুংলাইজ কৰিছে হৰিণাটোক।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড হৰিণাৰ আক্ৰমণত এজন বৃদ্ধ নিহত হৈছে। কেইবাদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কেইবাখনো গাঁৱত সন্ত্ৰাস চলাই আছিল হৰিণাটোৱে।

পুৱতি নিশা বীৰছা খাড়িয়া নামৰ বৃদ্ধ গৰাকী ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে হৰিণাটোৱে বৃদ্ধ গৰাকীক আক্ৰমণ কৰে। ফলত বীৰছা খাড়িয়া নামৰ বৃদ্ধ গৰাকী মৃত্যুৰ মুখত পৰে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক : লংকাৰ কাকীৰ পৰা নাবালিকা উদ্বাৰ

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ফ্লৰিকান নামৰ এখন ল’জত আশ্ৰয় লৈ থকা অৱস্থাত হৰিণাটোক ট্ৰেকুংলাইজ কৰে। হৰিণাৰ আক্ৰমনত নিহত হোৱা বৃদ্ধ গৰাকীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply