গুৱাহাটী : জলসম্পদ বিভাগৰ কাৰ্যালয়ত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
আকস্মিকভাৱে পৰিদৰ্শন। চানমাৰীৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত অনুমতিবিহীনভাৱে অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা। বিভাগটোত কৰ্মসংস্কৃতি নাই বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ।

বৃহস্পতিবাৰে গুৱাহাটীৰ চন্দমাৰীস্থিত জলসম্পদ বিভাগৰ কাৰ্যালয়ত আকস্মিকভাৱে পৰিদৰ্শন কৰে বিভাগটোৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই। কাৰ্যালয়ত উপস্থিত হৈছে মন্ত্ৰী গৰাকীয়ে কাৰ্যালয়টোৰ কেইবাগৰাকী কৰ্মচাৰীৰ অনুপস্থিত পায়। ইয়াৰ পিছতে অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰকীয়ে।

জলসম্পদ বিভাগৰ কাৰ্যালয়ত বৃহস্পতিবাৰে মুঠ ২৪ গৰাকী কৰ্মচাৰী অনুপস্থিত আছিল বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰে ১০ গৰাকীয়ে অনুমতি লোৱাৰ পৰিবৰ্তে বাকী ১৪ গৰাকী কৰ্মচাৰীৰ অনুমতি নোলোৱাকৈ অনুপস্থিত আছিল। অনুপস্থিত এই ১৪ গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক : মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে মানকাচত উত্তাল প্ৰতিবাদ

মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে বৰ্তমান অসমত ঠায়ে ঠায়ে বানৰ সংহাৰী ৰূপ, এনে অবস্থাত বিভাগটোৰ কৰ্মচাৰী সকলক কামত থাকিব লাগে কিন্তু ইয়াৰ পৰিবৰ্তে কৰ্মচাৰী সকলৰ অনুমতি নোলোৱাকৈ কাৰ্যালয়লৈ অহা নাই। বিভাগীয় কৰ্মচাৰীসকলৰ কামৰ নমুনা দেখি অসন্তোষ্ট মন্ত্ৰী গৰাকীয়ে বানৰ সময়ত জলসম্পদ বিভাগৰ কৰ্মচাৰীসকল ফিল্ডত থাকিব লাগে কিন্তু ৪-৫ জন কৰ্মচাৰীৰ বাহিৰে বাকী সকলো কাৰ্যালয়তে দিন কটায় বুলি কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply