হাজো : পুনৰ অপৰাধীক উদ্দেশ্যি অসম আৰক্ষীৰ গুলী চালনা। এইবাৰ কামৰূপ জিলাৰ হাজোত ডকাইতক উদ্দেশ্যি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত দুই দুধর্ষ ডকাইত।

আৰক্ষীৰ গুলীত পুনৰ আহত হৈছে অপৰাধী। কামৰূপ জিলাৰ হাজোৰ চকামতলীত আৰক্ষীয়ে দুই দুধর্ষ ডেকাইতক উদ্দেশ্যি গুলী চালনা কৰে। আৰক্ষীৰ কবলৰ পৰা পালায়ান কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ডেকাইত দুজনক উদ্দেশ্যি গুলী চালনা কৰিবলৈ বাধ্য হয়।

আৰক্ষীৰ গুলীত আহত হোৱা ডকাইত দুজন হৈছে ফাজল হক আৰু জাকিৰ। ডকাইত দুজন ডকাইতিৰ লগতে বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : দক্ষিণ শালমাৰাত খহনীয়াৰ কবলত পৰাৰ ফলত দুখনকৈ বিদ্যালয় স্থানান্তৰ

বুধবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে গুলীবিদ্ধ ডকাইত দুজনক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply