পুৰণিগুদামঃৰাজ্য়ত সান্ধ্য আইন চলি থকাৰ মাজতে পুৰণিগুদামত জব্দ বৃহৎ পৰিমাণৰ চোৰাং অগৰ।
এ এছ ৩১ ৪৭৪৮ নম্বৰৰ এখন মাৰুতী ৱেগনাৰৰ পৰা পুৰণিগুদাম আৰক্ষীয়ে জব্দ কৰে ১১ বস্তা চোৰাং অগৰ।
জব্দ কৰা অগৰখিনিৰ আনুমানিক মূল্য প্ৰায় ৮০ হাজাৰ টকা।

লগতে আৰক্ষীয়ে চাৰিজন অগৰ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়।
অগৰখিনি নগাঁৱৰ কোনো অজ্ঞাত স্থানলৈ সৰবৰাহৰ চেষ্টা চলাওতে আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰীকেইটা।
অগৰসহ আটকাধীন চাৰি সৰবৰাহকাৰীক বন বিভাগক গটালে আৰক্ষীয়ে।
আৰু পঢ়কঃৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কঢ়িওৱা ট্ৰাক বাগৰি পৰিল দ খাৱৈত