হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ হাটশিঙিমাৰী গোটে ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে এক ছাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ হাটশিঙিমাৰী গোটৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয় আৰু দাফাদাৰপাৰা এল পি স্কুলৰ শ্ৰেণী কোঠা তথা খেলপথাৰত ছাফাই অভিযান চলোৱা হয়।

এন এছ এছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যনিৰ্বাহক বিষয়া তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ আব্দুল কৰিম সেখৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক এন এছ এছ গোটৰ সদস্য আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই ভাৰত ছাফাই অভিযান চলোৱা হয়। অহা সোমবাৰৰ পৰা হাটশিঙিমাৰী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াৰ বাবে মহাবিদ্যালয়খনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠা সমূহৰ লগতে মহাবিদ্যালয়খনৰ প্ৰতিটো গৃহ ছাফাই অভিযানৰ জৰিয়তে পৰিষ্কাৰ কৰা হয়।

লগতে পঢ়ক : জিন্স পেন্ট পিন্ধা যুৱতীক দুৰ্ব্যবহাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ’ল

প্ৰধানমন্ত্ৰী নৰেন্দৰ মোদীৰ স্বচ্ছ ভাৰত মিছন অভিযান সফল কৰাৰ উদ্দেশ্যে এইদৰে এন এছ এছৰ হাটশিঙিমাৰী গোটে বিদ্যালয়-মহাবিদ্যালয়ত তিনিদিনীয়া ভাৰত ছাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীৰ অন্তত গোটৰ কাৰ্যনিৰ্বাহক বিষয়াজনে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আগন্তক দিনতো এন এছ এছৰ জৰিয়তে এনে কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply