দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে বিয়লি চাৰি বজাত জিলাখনৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মুঠ ১০৬ গৰাকী হিতাধিকাৰীক দুইবানকৈ টাটা টিনপাত বিতৰণ কৰা হয়। মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক অমিত্য চন্দ্ৰ মণ্ডলৰ উপস্থিতিত মুঠ ১০৬ গৰাকী হিতাধিকাৰীক এই টিনপাত বিতৰণ কৰা হয়।

অন্যান্য পিছপৰা শ্ৰেণীৰ একেবাৰে দৰিদ্ৰ লোকক প্ৰথম পৰ্যায়ত ২০১৯-২০ বিত্তীয় বৰ্ষৰ টিনপাত বিতৰণ আঁচনিৰ জৰিয়তে জিলাখনত মুঠ ২৮৬ গৰাকী হিতাধিকাৰীক এই টিনপাত বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোৱা ২০ ছেপ্টম্বৰ তাৰিখৰ পৰা কাৰ্যালয়খনত হিতাধিকাৰী সকলক এইদৰে টিনপাত বিতৰণ কৰা হৈছে। টিনপাত লাভ কৰা ছায়া ৰাণী বৰ্মন নামৰ এগৰাকী মহিলা হিতাধিকাৰীয়ে চৰকাৰী টিনপাত বিনামুলীয়াকৈ লাভ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক : মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত অপৰাধ নিয়ন্ত্ৰণ সজাগতা সভা

মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত ২০১৯-২০ বৰ্ষৰ এক।আঁচনিৰ জৰিয়তে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখৰ পৰা ২২৮ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক বিশুদ্ধ খোৱা পানী ফিল্টাৰ, ৩৯ গৰাকী হিতাধিকাৰীক চিলাই মেচিন, ১৯৮ গৰাকী হিতাধিকাৰীক কৃষি সা-সজুলি, ৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী হিতাধিকাৰীক টেবলেট মোবাইল ইতিমধ্যে বিতৰণ কৰাৰ লগতে ২৮৬ গৰাকী টিনপাত হিতাধিকাৰীৰ ভিতৰত আজিলৈ ১০৬ গৰাকী হিতাধিকাৰীক জিচিআই টিনপাত বিতৰণ কৰিছে। আনহাতে বাকী ১৮০ গৰাকী হিতাধিকাৰীক অহা ৭ অক্টোবৰৰ ভিতৰত টিনপাত বিতৰণ কৰাৰ পিছত অহা ৮ অক্টোৱৰ তাৰিখে জিলাখনৰ ৪০ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক ঘৰত ব্যবহাৰ কৰা ছোলাৰ লাইট বিতৰণ কৰিব বুলি মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ঠ্য সহায়ক অমিত্য চন্দ্ৰ মণ্ডল জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply