নিউজ ডেস্ক : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াও মহকুমাৰ এখন সৰু গাঁও, গাঁওখনৰ নাম নিউতান (Neotan)। এই নিউতান গাঁৱৰে মোচাং ৱাংলুং নামৰ এজন লোকে হাতত লোৱা প্ৰচেষ্টাই এতিয়া বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ৱাংলুং হৈছে অৰুণাচলৰ তাংচা (Tangsa) সম্প্ৰদায়ৰ ব্যক্তি। বিভিন্ন জনগোষ্ঠীৰে ভৰা অৰুণাচল প্ৰদেশৰ প্ৰতিটো জনগোষ্ঠীৰ নিজা কথিত ভাষা আছে যদিও পৰিৱৰ্তিত পৰিস্থিতিত এনে বহু হেৰাই যাবলৈ ধৰিছে।

ক্ৰমাৎ হেৰাই যাবলৈ ধৰা তেনে এটি ভাষা হৈছে তাংচা ভাষা। নিজৰ চেনেহৰ মাতৃভাষাক হেৰাই যোৱাৰ পৰা ধৰি ৰাখি বিশ্বৰ আগত তুলি ধৰাৰ মানসেৰে মোচাং ৱাংলুংয়ে ভাষাটোৰ লিখিত ৰূপ দিয়াৰ কাম আৰম্ভ কৰিছে।

সেই উদ্দেশ্যে তেওঁ বৰ্তমান সম্প্ৰদায়টোৰ কলেজত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ লগতে স্নাতক ছাত্ৰ-ছাত্ৰীক তাংচা লিপি শিকোৱাৰ কামত নিজকে ব্যস্ত ৰাখিছে।

‘মোৰ উদ্দেশ্য হৈছে আমাৰ তাংচা ভাষাক সংৰক্ষণ কৰা, এক শেহতীয়া অধ্যয়নত আমাৰ ভাষাটোক বিলুপ্তপ্ৰায় ভাষা হিচাপে ধৰা হৈছে।’ ৫৫ বছৰীয়া মোচাং ৱাংলুংয়ে কয়।

লগতে পঢ়ক : ৯০০ টা নতুন চৰকাৰী পদ সৃষ্টিৰ সিদ্ধান্ত অসম চৰকাৰৰ

বহু জাতি-জনগোষ্ঠীয়ে বাস কৰা অৰুণাচল প্ৰদেশৰ কেৱল তাংচা জনগোষ্ঠীৰে ৪০ টা উপজাতি থকা বুলি উল্লেখ কৰি ৱালুয়ে জনাই যে এই ৪০ টা উপজাতিৰ প্ৰতিটোৰে নিজা কথিত ভাষা আছে।

কিন্তু নিজা লিপি নথকাৰ নথকাৰ বাবে তেওঁলোকে ৰোমান লিপি ব্যৱহাৰ কৰে। চাংলাং জিলাৰ প্ৰধান সম্প্ৰদায় তাংচা জনগোষ্ঠীৰ জিলাখনত প্ৰায় এক লাখ জনসংখ্যা আছে।

যোৱা ২৮ জুনৰ পৰা নিউতান গাঁৱৰ এখন বিদ্যালয়ত মোচাং ৱাংলুংয়ে আবেলি আবেলি জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীসকলক তাংচা লিপিৰ পাঠদান কৰি আহিছে।

তাংচা সম্প্ৰদায়ৰ বাবে এটা উমৈহতীয়া লিপি গঢ়ি তোলাৰ কাম প্ৰথম আৰম্ভ হৈছিল ১৯০০ চনত। লাখুম মোচাং (Lakhum Mossang) নামৰ ব্যক্তিজনে এই কাম আৰম্ভ কৰিছিল যদিও ২০২০ চনত তেওঁৰ আকস্মিক বিয়োগত এই প্ৰচেষ্টাত এক স্থবিৰতা আহি পৰে।

চলিত বৰ্ষৰ জুন মাহৰ পৰা মোচাং ৱাংলুংয়ে পুনৰ ইয়াক অব্যাহত ৰখাৰ দায়িত্ব কান্ধ পাতি লয়।

উল্লেখযোগ্য যে তাংচা লিপিত ৪৮ টা স্বৰবৰ্ণ আৰু ৩১ টা ব্যঞ্জন বৰ্ণ আছে। ইয়াৰ উপৰি ভাষাটোৰ চাৰিটা পৃথক উচ্চাৰণ (tone) আছে, উচ্চাৰণ ভেদে শব্দসমূহৰ অৰ্থও সলনি হয়।

প্ৰসিদ্ধ অষ্ট্ৰেলিয়ান ভাষাবিদ ষ্টিফেন মোৰে’য়ে লাখুম মোচাঙে লিখি থৈ যোৱা তাংচা লিপিক বৰ্তমান ‘Lakhum Tangsa Script’ হিচাপে মাইক্ৰোছ’ফ্ট ৱৰ্ডত অন্তৰ্ভুক্ত কৰাৰ কাম কৰি আছে।   

ষ্টিফেন মোৰে’ৰ প্ৰচেষ্টাত বৰ্তমান তাংচা লিপি ইউনিকোড (Unicode)-ৰ পৰৱৰ্তী সংস্কৰণত স্থান লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ উপৰি উঠি অহা প্ৰজন্মক ভাষাটো শিকাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এক মোবাইল এপ আৰম্ভ কৰা হৈছে।

লাখুম মোচাং, ষ্টিফেন মোৰে’, মোচাং ৱাংলুং আদি ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত তাংচা সম্প্ৰদায়ে এতিয়া ৫০-তকৈ অধিক কথিত ভাষা থকা অৰুণাচল প্ৰদেশৰ তৃতীয়টো লিখিত ভাষা ব্যৱহাৰ কৰা সম্প্ৰদায় হিচাপে স্বীকৃতি লাভ কৰিছে।

নিজা লিপি থকা ৰাজ্যখনৰ আন দুটা সম্প্ৰদায় হৈছে খামতি (Khampti) আৰু ৱাংচো (Wancho) সম্প্ৰদায়।

ইংৰাজীত পঢ়ক : This Arunachal man is on a mission to give shape to his tribal dialect

YouTube video

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply