নিউজ ডেস্কঃ গুৱাহাটীত এছ এ আই20 ৰ বৈঠকৰ সমান্তৰালভাৱে আজাদী কা অমৃত মহোৎসৱ সন্দৰ্ভত চেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচন (চিবিচি) গুৱাহাটীত দুদিনীয়াকৈ ফটো প্ৰদৰ্শনী অনুষ্ঠান আৰম্ভ হৈছে। এই প্ৰদৰ্শনী উদ্বোধন কৰে ভাৰতৰ কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল শ্ৰী গিৰিশ চন্দ্ৰ মুৰ্মুৱে। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী বি নাৰায়ণনো উপস্থিত থাকে।

ভাৰতৰ মহা গাণনিক শ্ৰী গিৰিশ চন্দ্ৰ মুৰ্মুৱে তেওঁৰ উদ্বোধনী ভাষণত কয়, “এই প্ৰদৰ্শনীৰ লক্ষ্য হৈছে স্বাধীনতা সংগ্ৰামৰ প্ৰতি আমাৰ দেশৰ অঘোষিত বীৰ- মুক্তি যুঁজাৰুসকলৰ আত্মত্যাগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু অৱগত কৰোৱা। আজাদী কা অমৃত মহোৎসৱ হৈছে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন আৰু স্মৰণ কৰিবলৈ চৰকাৰৰ এক মহৎ পদক্ষেপ আৰু মই এই কথা জানি আনন্দিত যে চেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনে এই মহৎ পদক্ষেপৰ বিষয়ে সজাগ আৰু অৱগত কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত বহুতো কাৰ্যক্ৰমৰ আয়োজন কৰিছে।”

শ্ৰী মুৰ্মুৱে লগতে কয়, “এই প্ৰদৰ্শনীয়ে লগতে অসমৰ সংস্কৃতি, ঐতিহ্য আৰু ইতিহাস প্ৰদৰ্শন কৰিছে আৰু মই ছাই২০ বৈঠকৰ একাষৰীয়াকৈ এনে এক প্ৰদৰ্শনীৰ আয়োজন কৰা বাবে চেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ শলাগ লৈছো।”

এই প্ৰদৰ্শনীত দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অৰিহণা যোগোৱা সাহসী মুক্তিযোদ্ধাসকলৰ সংগ্ৰাম দৰ্শাইছে। চিবিচি, গুৱাহাটীৰ অধীনস্থ প্ৰাইভেট ৰেজিষ্টাৰ্ড গোটেও এই প্ৰদৰ্শনীত আজাদী কা অমৃত মহোৎসৱৰ মূলমন্ত্ৰৰ ওপৰত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply