বৈঠালাংছ : নতুন বছৰৰ প্ৰথম দিনটোতেই বৈঠালাংছ’ত ভয়াবহ দুৰ্ঘটনা। ভয়াবহ দুর্ঘটনাটোত থিতাতে নিহত দুজনকৈ বাইক আৰোহী। গুৰুত্বৰভাৱে আহত আন এজন লোক।

নৱবর্ষৰ প্ৰথম দিনটোতে ভয়াবহ পথ দুর্ঘটনা সংঘটিত হৈছে বৈঠালাংছ’ত। এখন বলেৰ’ পিকআপ বাহনত পিছফালৰ পৰা এখনে দ্ৰুতবেগী বাইকে খুন্দা মৰাত বাইকখনৰ দুজন আৰোহী থিতাতে নিহত হয়।

এখন বাইকখনত উঠি গৈ আছিল তিনিজনকৈ লোক। নিহত এজন চি-ইম ৰংপী, আনজন চিনাক্ত হোৱা নাই। গুৰুত্বৰভাৱে আহত তৃতীয়জন বাইক আৰোহী ইমছ’ ৰংফাৰ।

লগতে পঢ়ক : ৰে’লৰ খুন্দাত পুনৰ মৃত্যু এটা বনৰীয়া হাতীৰ

বৈঠালাংছ’ আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা। আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও লোকজনৰ অৱস্থা সংকটজনক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply