গুৱাহাটী : ক’ভিডৰ সংক্ৰমণৰ বাবে বন্ধ হৈ পৰিছে দুখনকৈ বিদ্যালয়। আমগুৰিৰ শিক্ষানুষ্ঠানত ক’ভিডৰ দ্ৰুত সংক্ৰমণ। ক’ভিডৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ দিকচু উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান।

ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ পিছতে দীর্ঘদিন ধৰি পাঠদান বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহ পুনৰ মুকলি কৰি পাঠদান আৰম্ভ কৰা হয়। শিক্ষানুষ্ঠান সমূহত পাঠদান পুনৰ আৰম্ভ কৰাৰ পিছত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে গুৱাহাটীৰ কেইবাখনো শিক্ষানুষ্ঠান পুনৰ বন্ধ কৰি দিয়া হৈছে।

ইয়াৰ মাজতে ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত পুনৰ দুখনকৈ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত আমগুৰিৰ দিকচু উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান বন্ধ কৰি দিয়া হৈছে।

ইফালে নগাঁৱৰ ৰাজ্যিক নাৰী আৰু শিশুগৃহত মাত্ৰ ১০ দিনতে ১৬ গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত। অতি উদ্বেগজনকভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ৰাজ্যিক নাৰী আৰু শিশু গৃহক ১৪ দিনৰ বাবে কণ্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।

লগতে পঢ়ক :   কলগাছিয়াত চলিছে দিনে-নিশাই অবৈধ বালি খনন কাৰ্য

উল্লেখ্য যে নগাঁও জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰৰ ভিতৰতে নাৰী গৃহৰ ১৬ গৰাকী মহিলা আৰু যুৱতী ক’ভিডত আক্ৰান্ত হয়। ৰাজ্যজুৰি ক’ভিড ভেকচিনেশ্যন অব্যাহত থাকৰ মাজতে ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply