শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: বলিউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক সোমবাৰে নিশা আটক কৰিছে আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি নিৰ্মাণ আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৰাজ কুন্দ্ৰাক।

মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতি মতে, “২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ৪ তাৰিখে অপৰাধ শাখা মুম্বাইত পৰ্ণোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে প্ৰকাশ কৰাৰ বিষয়ে এটা গোচৰ ৰুজু কৰা হৈছিল।

ৰাজ কুন্দ্ৰাক এই গোচৰটোত ১৯ জুলাইত গ্ৰেপ্তাৰ কৰিছো কিয়নো তেওঁ ইয়াৰ মুখ্য ষড়যন্ত্ৰকাৰী যেন লাগিছে। এই সন্দৰ্ভত আমাৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে। বৰ্তমান তদন্ত চলি আছে,” ।

ৰাজ কুন্দ্ৰাৰ ইউকেত বাস কৰা তেওঁৰ ভাতৃয়ে কেনৰিন নামৰ এটা কোম্পানী গঠন কৰিছিল য’ত এইবোৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। চলচ্চিত্ৰৰ ভিডিঅ’ ভাৰতত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু ৱি ট্ৰেন্সফাৰৰ জৰিয়তে বিদেশলৈ প্ৰেৰণ কৰা হৈছিল।
শেহতীয়াকৈ আজি মুম্বাইৰ নেহুলৰ পৰা ৰিয়ান জন নামৰ আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে যথেষ্ট প্ৰমান থকাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

কিছুদিনৰ আগতে পৰ্নোগ্ৰাফিক চলচ্চিত্ৰৰ বাবে গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী গেহেনা বশিষ্ঠ ওৰফে বন্দনা তিৱাৰীয়ে কয়, মুম্বাই পুলিচৰ ওপৰত বিশ্বাস আছে এই ঘটনাৰ দোষী কোন তেওলোকে উলিয়াব পাৰিব। বৰ্তমান জামিনত থকা “মিছ ইন্ডিয়া বিকিনি” বিজয়ী গেহনাই ৰাজ কুন্ড্ৰা দোষী হয়নে নহয় সেই কথা ক’বলৈ অস্বীকাৰ কৰে ।
আনহাতে মডেল অভিনেত্ৰী সাগৰিকা সুহানা সুমনে কয়, এই ৰেকেটৰ দ্বাৰা বহুতৰ জীৱন ধ্বংস হৈছে ,এতিয়া ৰাজ কুন্ড্ৰাৰ নাম পোহৰলৈ আহিছে আৰু বহু লোক আছে সকলো ইয়াৰ অধীনলৈ অহাতো জৰুৰী ।

সাগৰিকা সুহানা সুমনে কয়,”এয়া এটা ডাঙৰ ৰেকেট। ডাঙৰ মানুহ ইয়াত জড়িত হৈ আছে। ৰাজ কুন্দ্ৰাৰ নাম এতিয়া বাৰু প্ৰকাশ হৈছে। লকডাউনৰ সময়ত মোৰ এটা বেয়া অভিজ্ঞতা হৈছিল। আগষ্ট ২০২০ ত মোক এটা ৱেব ছিৰিজত কাম কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। মই ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ উমেশ কামাতৰ পৰা ফোন পাইছিলো। মই অনলাইন অডিচন দিয়াৰ সিদ্ধান্ত লৈছিলো আৰু কল কৰাৰ পিছত তেওঁলোকে মোক উলংগ হৈ অডিচন দিবলৈ কৈছিল।”

অভিনেত্ৰী সাগৰিকা সোনা সুমনে দাবী কৰিছে যে তেওঁ ইয়াৰ পিছত হতবাক হৈ পৰিছিল আৰু সেয়া অস্বীকাৰ কৰি কলটো বন্ধ কৰি দিছিল। ভিডিঅ’ কলটোত তিনিজন লোক আছিল। তেওঁলোকৰ এজনৰ মুখখন ঢাকি থোৱা আছিল, আনহাতে আন এজন সাইলাখ ৰাজ কুন্দ্ৰাৰ নিছিনা আছিল। 

লগতে পঢ়ক পেগাছাচ বিতৰ্ক: চৰকাৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ; চিকাৰ সাংবাদিক, ৰাজনৈতিক ব্যক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply