কালি গুৱাহাটীস্থিত ৰাজভৱনত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰে।

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক শপত গ্ৰহণ কৰাই।

চলিত বৰ্ষৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা মহন্তই আন এজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া এ পি ৰাউটৰ পিছত ৰাজ্যখনৰ চি আই চি হিচাপে কাৰ্যভাৰ গ্ৰহঁণ কৰে।

আনহাতে, এই অনুষ্ঠানটোত শিক্ষা উপদেষ্টা গোপাল মহন্ত,  প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ আয়ুক্ত আৰু সচিব শান্তনু পি গোটমাৰে,  ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্তা কাশ্যপে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply