নিউজ ডেস্ক: ভাৰতীয় ৰে’লৱেই ২০২২-২৩ বিত্তীয় বৰ্ষত ২.৪০ লাখ কোটি টকাৰ অভিলেখ ৰাজহ পঞ্জীয়ন কৰিছে। এই পৰিমাণটো আগৰ বিত্তীয় বৰ্ষত প্ৰাপ্ত ৰাজহতকৈ প্ৰায় ৪৯,০০০ কোটি টকা অধিক, যিয়ে ২৫ শতাংশ বৃদ্ধি দেখুৱায়।

২০২২-২৩ বিত্তীয় বৰ্ষত মালবাহী ৰাজহও শক্তিশালীভাৱে বৃদ্ধি পাইছে আৰু ১.৬২ লাখ কোটি টকাত উপনীত হৈছে। এইটো আগৰ বিত্তীয় বৰ্ষৰ তুলনাত প্ৰায় ১৫ শতাংশ বৃদ্ধি।

ভাৰতীয় ৰে’লৱেৰ যাত্ৰীৰ ৰাজহ ৬১ শতাংশ বৃদ্ধি হৈ ৬৩,৩০০ কোটি টকা হৈছে, যিটো বৰ্তমানলৈকে সৰ্বাধিক ৰাজহ সংগ্ৰহ। ২০২১-২২ বৰ্ষত প্ৰাপ্ত ৩৯,২১৪ কোটি টকাৰ ৬১ শতাংশ বৃদ্ধি পাই।

ভাৰতীয় ৰেলৱেই ২০২২-২৩ বৰ্ষত কোচিং ৰাজহৰ পৰা ৫,৯৫১ কোটি টকা উপাৰ্জন কৰে। এই পৰিমাণটো আগৰ বিত্তীয় বৰ্ষত প্ৰাপ্ত ৪,৮৯৯ কোটি টকাৰ তুলনাত ২১ শতাংশ অধিক।

একেদৰে, ২০২২-২৩ বৰ্ষত বিভিন্ন কাৰ্যকলাপৰ ৰাজহ ৮,৪৪০ কোটি টকা, যি আগৰ বছৰত প্ৰাপ্ত ৬০৬৭ কোটি টকাৰ তুলনাত ৩৯ শতাংশ অধিক।

২০২২-২৩ বৰ্ষত ৰে’লৱেৰ মুঠ ব্যয় আছিল ২,৩৭,৩৭৫ কোটি টকা, ২০২১-২২ বৰ্ষত ২,০৬,৩৯১ কোটি টকাৰ বিপৰীতে।

ৰেলৱেই ২০২২-২৩ বৰ্ষত ইয়াৰ নেটৱৰ্ক ক্ষমতা বৃদ্ধি কৰিবলৈ এক লাখ কোটি টকা বিনিয়োগ কৰে। ২০২২-২৩ বিত্তীয় বৰ্ষত ৰে’লৱেত সৰ্বাধিক ৫,২৪৩ কিলোমিটাৰ নতুন লাইন স্থাপন কৰা হয়।

২০২২-২৩ বৰ্ষত ৰে’লৱেই ৬,৬৫৭ কোটি টকাৰ বিনিয়োগেৰে ৬,৫৬৫ কিলোমিটাৰ ৰে’লপথত বৈদ্যুতিকৰণ কৰে, যাৰ ফলত ই চলিত বিত্তীয় বৰ্ষত ১০০ শতাংশ বৈদ্যুতিকৰণৰ লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়িছে।

ৰে’লৱেৰ গুৰুত্ব হৈছে সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া। যোৱা বিত্তীয় বৰ্ষত, বিভিন্ন সুৰক্ষা মূলক কামৰ ওপৰত ৰাষ্ট্ৰীয় ৰে’ল সুৰক্ষা পুঁজিৰ অধীনত ১১,৮০০ কোটি টকা বিনিয়োগ কৰা হৈছিল। পুৰণি ৰে’লসম্পদৰ নৱীকৰণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ভাৰত চৰকাৰে ১০,০০০ কোটি টকা প্ৰদান কৰে। লগতে, এনে সম্পদৰ উন্নীতকৰণৰ বাবে ৰে’লৱে আভ্যন্তৰীণ ভাৱে ১,৮০০ কোটি টকাৰ বৰঙণি আগবঢ়াই।

ৰে’লপথ, দলং, গ্ৰেড চেপাৰেটৰ আদিৰ দৰে সুৰক্ষা ব্যৱস্থাৰ ওপৰত বছৰটোত মুঠ ২৫,৯১৩ কোটি টকা বিনিয়োগ কৰা হৈছিল।

মাল পৰিবহণ সমৰ্পিত ৰে’ল কৰিডৰ (ডিএফচি) আৰু মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পত অধিক বিনিয়োগে এই প্ৰকল্পসমূহত দ্ৰুত প্ৰগতি নিশ্চিত কৰিছে। ইয়াৰ বাবে এনএইচআৰএছচিএল-এ ১২,০০০ কোটি টকা প্ৰদান কৰিছে আৰু ডিএফচিচিআইএল-এ ১৪,৯০০ কোটি টকা প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, বন্দে ভাৰত ৰে’লৰ সহায়ত সমগ্ৰ ৰে’ল ব্যৱস্থাত এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ৱাগন ক্ৰয় এবছৰ আগৰ তুলনাত ৭৭.৬ শতাংশ বৃদ্ধি হৈ ২২,৭৪৭ ৱাগনলৈ বৃদ্ধি হৈছে। ৰে’লৱেৰ বোজা বহন ক্ষমতা উন্নত কৰিবলৈ আৰু যাত্ৰীসকলৰ বাবে ভ্ৰমণ সহজ কৰি তুলিবলৈ ৪৪,২৯১ কোটি টকাৰ আধুনিক ৰে’ল সঁজুলি ক্ৰয় কৰা হয়।

লগতে পঢ়ক – অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে তৈয়াৰ কৰিছে সাংবাদিকৰ সুৰক্ষাৰ বাবে SOP

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply