নিউজ ডেস্ক : নৰৱে’ত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত বুধবাৰে এজন লোকে ধনু-কাঁড় লৈ আক্ৰমণ চলাই ৫ জনকৈ লোকক হত্যা কৰে।

নৰৱে’ৰ ৰাজধানী ওছল’ সমীপৰ এখন নগৰ কংছবাৰ্গৰ এখন দোকানত উক্ত ঘটনা সংঘটিত হোৱা বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

লোকজনৰ অতৰ্কিত আক্ৰমণত ৫ জনকৈ লোকে মৃত্যুক সাবটি লোৱাৰ উপৰি এগৰাকী আৰক্ষী বিষয়াসহ আন দুজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ আই চি ইউত ভৰ্তি হ’বলগীয়া হয়।

আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও কি কাৰণত তেওঁ এনেদৰে অতৰ্কিতে আক্ৰমণ চলালে সেই সম্পৰ্কত আৰক্ষীৰ আগত বিশেষ একো মন্তব্য কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : খেৰনিত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply