কাল কোৰোনাৰ গ্ৰাসত বাৰুকৈয়ে দহিছে এইবাৰ ৰাজধানী চহৰ দিল্লী। দিনক দিনে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা, নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হৈছে ৰাজধানী চহৰ খন।

আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিছে দিল্লী চৰকাৰে।৩ মে পুৱা পাঁচ বজালৈকে বৃদ্ধি কৰিছে লকডাউন । পুনৰ ৬ দিনৰ বাবে লকডাউন বৃদ্ধি কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘোষণা , যদি লকডাউন উঠাই দিয়া হয় মৃত্যু উপত্যকাত পৰিনত হব দিল্লী ।

লকডাউন আৰম্ভ কৰাৰ সময়ত পজিটিভিটিৰ হাৰ ৩৬-৩৭ শতাংশ আছিল যোৱা সপ্তাহত এই হাৰ ২৯ শতাংশলৈ কমিছে ।

অক্সিজেনৰ নাটনীয়ে ভয়াবহ ৰূপ লৈছে দিল্লীত । নিজাববীয়া উৎপাদন নথকাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হাত পাতিছে যদিও কেন্দ্ৰীয় চৰকাৰে বিশেষ সহযোগিতা নকৰাৰো অভিযোগ ৰাজ্য চৰকাৰৰ ।

৭০০ টনৰ প্ৰয়োজনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৪৮০ টন অক্সিজেনৰ যোগান ধৰিছে যাৰ ফলত হস্পিতাল বোৰত অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

দেওবাৰৰ দিনটোত লোক নায়ক হস্পিতালত অক্সিজেনৰ অভাৱৰ কথা প্ৰকাশ কৰিছে । কালিৰ দিনটোতো অক্সিজেনৰ অভাৱৰ বাবে বহুজন ৰোগী মৃত্যুক আকোৱালী লব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে ।

ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰে ৰাজধানী চহৰ খনৰ হস্পিতাল সমূহত অক্সিজেন যোগান ধৰাত ব্যৰ্থ হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply