নিউজ ডেস্কঃ প্ৰখৰ উত্তাপে দহিছে ইউৰোপ মহাদেশক। মহাদেশখনত সূৰ্যৰ প্ৰখৰ তাপৰ ফলত বনজুইৰ ঘটনা সংঘটিত হৈছে। শনিবাৰৰ পৰা ফ্ৰান্সৰ দক্ষিণ-পশ্চিম অংশ আৰু স্পেইনৰ সীমান্তৱৰ্তী অঞ্চলত বনজুইৰ ঘটনা সংঘটিত হৈছে। প্ৰাণৰ সংশয়ত ঘৰ এৰিছে হাজাৰ হাজাৰ লোকে। ইতিমধ্যে প্ৰশাসনে ইউৰোপৰ এই অংশত সতৰ্কতা জাৰি কৰিছে।

প্ৰশাসনে জনোৱা অনুসৰি, যোৱা কেইবছৰমানৰ তুলনাত এই বছৰ অঞ্চলটোৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে। তাপমাত্ৰাৰ বাবে সম্প্ৰতি ৩৬০জন লোকৰ মৃত্যু হৈছে। শনিবাৰে ফ্ৰান্সৰ গিৰোণ্ডে অঞ্চলত ১০,০০০ হেক্টৰতকৈও অধিক বনাঞ্চলত বনজুইৰ সংঘটিত হৈছে। ফলত অঞ্চলটোৰ পৰা ১২,০০০ ৰো অধিক লোকক অন্যস্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় ১,০০০ তকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অঞ্চলটোত জুই নুমোৱাৰ বাবে চেষ্টা চলাই আছে। জুই নিয়ন্ত্ৰণ নকৰিলে ই বৃহত এলেকা বিয়পি পৰিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখ্য যে, স্পেইনৰ গড় তাপমাত্ৰা ৪৫.৭ ডিগ্ৰী চেলচিয়াছ। বতৰ বিজ্ঞানৰ মতে, এয়া স্বাভাৱিকত তাপমাত্ৰাতকৈ বহুত বেছি। ইফালে পৰ্যটকসকলৰ মাজত জনপ্ৰিয় মালগা প্ৰদেশতো জুই বিয়পি পৰিছে। মালগাত গৃহহীন হৈছে প্ৰায় ৩০০০ ৰো অধিক লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply