নিউজ ডেস্কঃ ভাৰতৰ মেডেন ফাৰ্মাচিউটিকেল লিমিটেডৰ দ্বাৰা তৈয়াৰ কফ চিৰাপ সেৱনৰ ফলতেই গাম্বিয়াৰ ৬৬টা শিশুৰ মৃত্যুৰ আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। নতুন দিল্লীস্থিত মেডেন ফাৰ্মাচিউটিকেলৰ দ্বাৰা তৈয়াৰ কৰা এই কফ চিৰাপ সমূহ হৈছে – প্ৰমিথাজিন অৰেল ছলিউচন(Promethazine Oral Solution), কফেক্সমালিন বেবী কফ চিৰাপ (Kofexmalin Baby Cough Syrup), মাকফ বেবী কফ চিৰাপ(Makoff Baby Cough Syrup) আৰু মেগ্ৰিপ এন কোল্ড চিৰাপ (Magrip N Cold Syrup) । গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যুৰ পিছত, বিশ্ব স্বাস্থ্য সংস্থাই এই কফ চিৰাপ সমূহ ব্যৱহাৰ নকৰিবলৈ সতৰ্কবাণী জাৰি কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে আজিলৈকে কোম্পানীটোৱে এই ঔষধ সমূহৰ মানদণ্ড নিশ্চিত কৰা নাই। এই চাৰিবিধ ঔষধৰ নমুনা পৰীক্ষা কৰি কয় যে এইকেইবিধ ঔষধত অস্বাভাৱিক পৰিমাণত ডায়েথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকল আছে।

ডায়েথিলিন গ্লাইকল আৰু ইথিলিন গ্লাইকল সেৱন মাৰাত্মক প্ৰমাণিত হ’ব পাৰে। ইয়াৰ প্ৰভাৱৰ ফলত পেটৰ বিষ, বমি, ডায়েৰিয়া, প্ৰস্ৰাৱৰ অভাৱ, মুৰৰ বিষ, পৰিৱৰ্তিত মানসিক স্থিতি, আৰু বৃক্কৰ সমস্যাৰ লগতে পৰৱৰ্তী সময়ত মৃত্যু পৰ্যন্ত হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে সকলো সামগ্ৰী প্ৰাসঙ্গিক ৰাষ্ট্ৰীয় নিয়ামক কৰ্তৃপক্ষৰ দ্বাৰা সঠিকভাৱে পৰীক্ষা নকৰালৈকে সেইবোৰ অসুৰক্ষিত গণ্য কৰা হয়।

স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই ২৯ ছেপ্টেম্বৰত গাম্বিয়াত হোৱা মৃত্যুৰ বিষয়ে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলক অৱগত কৰিছিল। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে কোম্পানীটোৱে এতিয়ালৈকে এই সামগ্ৰীবোৰ কেৱল গাম্বিয়ালৈ ৰপ্তানি কৰিছে। গাম্বিয়াত মৃত্যু হোৱা ৬৬ টা শিশুৰ মৃত্যু ভাৰতত প্ৰস্তুত কৰা এই কফ চিৰাপ সেৱনৰ ফলতে হোৱা বুলি সন্দেহ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

লগতে পঢ়কঃপশ্চিমবংগৰ জলপাইগুৰিত প্ৰতিমা বিসৰ্জনৰ সময়ত মূহুৰ্ততে উটি গ’ল ৫০জনৰো অধিক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply