নিউজ ডেস্কঃ লোকসভাৰ সদস্যপদ বৰ্খাস্ত হোৱাৰ পিছত আকৌ এক নতুন সমস্যাই গা কৰি উঠিছে ৰাহুল গান্ধীৰ। লোকসভাৰ সদস্যপদৰ বাবদ পোৱা চৰকাৰী বাংলো খালী কৰিবলৈ কোৱা হৈছে ৰাহুল গান্ধীক।

লোকসভা গৃহ নিৰ্মাণ সমিতিয়ে সোমবাৰে এক জাননী জাৰি কৰি ১২ টোঘলক ৰোডৰ বাংলোটো খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ লৈকে সময় দিছে লোকসভা গৃহ নিৰ্মাণ সমিতিয়ে।

এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ৰাহুল গান্ধীয়ে গৃহ নিৰ্মাণ সমিতিক ম্যাদ বৃদ্ধি কৰিবলৈ অনুৰোধ কৰাৰ সম্ভাৱনা আছে।

ৰাহুল গান্ধীয়ে বৰ্তমান বাস কৰা ১২ টোঘলক ৰোডৰ বাংলোটো ২০০৪ চনৰ পৰাই বাস কৰি আছে। ৰাহুল গান্ধীয়ে এই বাংলোটোৰ পৰাই সকলো কাৰ্যলয়ৰ কাম কাজ সমাপন কৰিছিল।

লগতে পঢ়ক – World Press Freedom Index ৰ সিদ্ধান্তত ভাৰত চৰকাৰ সন্মত নহয়ঃ অনুৰাগ ঠাকুৰ

উল্লেখযোগ্য যে, ২০১৯ ৰ এক মানহানিৰ গোচৰত চুৰাট আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে। কাৰাদণ্ডৰ পৰা জামিন জৰিয়তে ৰাহুল গান্ধীয়ে সকাহ পাই যদিও ২৪ মাৰ্চত লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। যাৰ ফলত সোমবাৰে লোকসভা গৃহ নিৰ্মাণ সমিতিয়ে বাংলো খালী কৰাৰ নিৰ্দেশনা জাৰি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply